মৰিগাঁৱত উন্নয়নমূলক কামৰ তদাৰক নৱনিযুক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ
বার্তা বুৰো, ১০ ছেপ্টেম্বৰঃ আজি ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপস্থিত হৈ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া বৰ্গৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় আৰু বিভিন্ন বিভাগৰ কামৰ অগ্ৰগতিৰ খতিয়ান গ্ৰহণ কৰে। মুখ্য সচিবগৰাকীয়ে জল জীৱন মিছন আঁচনি, প্ৰস্তাৱিত মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কামৰ অগ্ৰগতিৰ খতিয়ান, প্ৰসুতি মাতৃ আৰু শিশু মৃত্যৰ হাৰ সম্পূৰ্ণ নিৰ্মূল কৰা, ধান ক্ৰয়, এক দেশ এক ৰেচন কাৰ্ড, শস্য বীমা, কৃষিত পানী যোগান, মীন উৎপাদন বৃদ্ধি, প্ৰধান মন্ত্ৰী নিয়োগ নিশ্চিত আঁচনি, প্ৰধান মন্ত্ৰী আৱাস যোজনা, অমৃত সৰোবৰ আদি প্ৰায় সকলো বিভাগৰে প্ৰধান প্ৰধান আঁচনিৰ অগ্ৰগতিৰ মুল্যায়ন কৰি আসোঁৱাহ দূৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰে। আজিৰ সভাত জিলা উপায়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ পেগু, অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাস, অৰুন্ধতী নৰহ মিপুন, আদিত্য গগৈ, নিৰ্বাচনী বিষয়া, সহকাৰী আয়ুক্ত সকল, খণ্ড উন্নয়ন বিষয়া, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল দাস