নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিৰ কৃতী শিক্ষাৰ্থীক অভিনন্দন ৰিণিকি ভূঞা শৰ্মাৰ

বিশেষ বাৰ্তা, ১০ ছেপ্টেম্বৰঃ ছাত্ৰ-ছাত্ৰীসকলে আনৰ লগত প্ৰতিযোগিতা কৰাৰ বিপৰীতে নিজে নিজৰ লগত প্ৰতিযোগিতা কৰি যোগ্যতা নিৰূপণ কৰিব লাগিব৷ বৰ্তমান তীব্ৰ প্ৰতিযোগিতাৰ সময়৷ এই সময়ত যিসকলে প্ৰতিযোগিতাত তিষ্ঠি থাকিব পাৰিব সেইসকলেহে নিজৰ নিজৰ লক্ষ্যত উপনীত হব পাৰিব৷ প্ৰতিদিনে নতুন নতুন কথাই নতুনত্বৰ সন্ধান দি আহিছে৷ নিজৰ জীৱনটো সঠিক দিশৰে আগবঢ়াই নিবলৈ হলে নতুনত্বৰ দিশবোৰ ভালদৰে চালিজাৰি চাব লাগিব৷ কোনো কাম হুৰমূৰকৈ নকৰি সঠিক চিন্তাৰে কৰিলেহে নিৰ্দিষ্ট স্হানত উপনীত হব পৰা যাব৷ -এই মন্তব্য প্ৰাইড ইষ্ট এন্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ অধ্যক্ষা তথা পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাৰ৷ আজি শুৱালকুছি জ্ঞানদ্বীপ ইংলিছ স্কুলৰ শিক্ষাৰ্থীক অভিনন্দন অনুষ্ঠানত অংশ লৈ তেওঁ পুনৰ কয় যে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ লক্ষ্য মেট্ৰিক পৰীক্ষাৰ আগতে নিৰ্ধাৰণ কৰিব লাগে৷ লক্ষ্য স্হিৰ কৰাৰ পিছত লক্ষ্যৰ পিছত দৌৰি নিৰ্দিষ্ট স্হানত উপনীত হব লাগে৷ ইয়াৰ বাবে একাগ্ৰতা আৰু একান্ত ধৈৰ্যৰে নিয়মিতভাৱে অধ্যয়নত ব্ৰতী হব লাগিব৷ যিদৰে এখন চোকা ছুৰী ব্যৱহাৰ নকৰিলে মামৰ ধৰে ঠিক তেনেদৰে নিয়মিতভাৱে পঢ়া শুনা নকৰিলে সঠিক ফলাফল লাভৰ পৰা বঞ্চিত হব লগা হব৷ ছাত্ৰ-ছাত্ৰীসকলে জীৱনত সদায় এখোজ এখোজ কৈ আগবাঢ়ি গৈ জীৱনৰ প্ৰকৃত সন্ধান উলিয়াব পাৰিব লাগিব৷ ছাত্ৰ-ছাত্ৰী কলে জীৱনত কিবা এটা কৰা বা কিবা এটা হোৱাৰ সপোন দেখিব লাগিব আৰু তাক বাস্তৱ ৰূপ দিবলৈ অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিব লাগিব৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উপযুক্ত ফলাফলে পিতৃ মাতৃ আৰু পৰিয়ালক আনন্দিত কৰে যদিও উচ্চতৰ মাধ্যমিকৰ ফলাফলে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰে৷ তেওঁ পুনৰ কয় যে ছাত্ৰ ছাত্ৰীসকলৰ ফলাফলক লৈ পিতৃ মাতৃ সদায় চিন্তিত হৈ থাকে৷ ময়ো মোৰ লৰা-ছোৱালী দুটাৰ প্ৰতিটো পৰীক্ষাৰ ফলাফলক লৈ চিন্তিত আছিলো৷ সিহতে কেতিয়াবা কোনোবা বিষয় এটাত কম নম্বৰ পালেই সিহতক বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছিলো৷ কিয় কম নম্বৰ পালি, অহা পৰীক্ষাত বেছি নম্বৰ পাব লাগিব এইবোৰ অনেক কথা পাতিছিলো৷ ছাত্ৰ ছাত্ৰী সকলে প্ৰতিটো খোজ কষ্টৰে আগবাঢ়িব লাগিব আৰু যি লক্ষ্যৰে আগবাঢ়িছা তাৰ পৰা যাতে পিছহুঁহকি নহা তাক সদায় মনত ৰাখিবা৷ অনুষ্ঠানত বিদ্যালয়খনৰ পৰা সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ২৬গৰাকী ছাত্ৰ ছাত্ৰী তেওঁ গামোচা, জাপি আৰু মানপত্ৰৰে অভিনন্দন জ্ঞাপন কৰে৷

অনুষ্ঠানত ৰাজ্যিক কিষাণ মৰ্চাৰ উপ সভাপতি ৰঞ্জিত ভট্টাচাৰ্য, মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক দিগন্ত শৰ্মা, বিদ্যালয়খনৰ মূৰব্বী প্ৰাণজিৎ দাস, বিশিষ্ট নাগৰিক নৰেশ শৰ্মা, মৃগেন্দ্ৰ কুমাৰ দাস, ভবেশ দাস প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তি উপস্হিত থাকে৷ ইয়াৰ পিছতে ৰিণিকি ভূঞা শৰ্মাই স্হানীয় প্ৰগতিশীল ছাত্ৰ সন্হাই শ্ৰীশ্ৰীশঙ্কৰদেৱ ধামত অয়োজন কৰা আন এক অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ লৈ ছাত্ৰ ছাত্ৰী সকলে নিজৰ নিজৰ লক্ষ্যত উপনীত হবলৈ হলে সঠিক দিশৰে পঢ়াশুনাত মনোনিবেশ কৰিব লাাগিব বুলি দোহাৰি এক গাম্ভীৰ্যপূৰ্ণ ভাষণৰে শিক্ষাৰ্থী আৰু অভিভাৱকসকলক আকৰ্ষিত কৰে৷ সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰ বিষয়া হেমন্ত চৌধুৰীয়ে কঠোৰ পৰিশ্ৰমৰ জৰিয়তহে উপযুক্ত ফল লাভ কৰিব পাৰি বুলি উল্লেখ কৰি কয় যে শিক্ষা হল জীৱনৰ মূলমন্ত্ৰ৷ ইয়াক সৰোগত কৰি অধ্যয়নত ছাত্ৰ ছাত্ৰী সকল ব্ৰতী হব লাগিব ৷ আজিৰ সময়টো বহুত জটিল৷ বিভিন্ন ৰং বিৰঙৰে ভৰপূৰ ৷ ইয়াৰ পৰা ভালখিনি লৈ বেয়াখিনি এৰিব পৰাজনহে নিজৰ লক্ষ্যত উপনীত হব পাৰিব৷ অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত চহৰৰ মহাবিদ্যালয়ত পঢ়িবলৈ গৈ দিশভ্ৰস্ট হোৱা পৰিলক্ষিত হয়৷ গতিকে ছাত্ৰ ছাত্ৰী সকলে যাতে এনে ভূল নকৰি সঠিক দিশৰে গতি কৰে তাৰ বাবে সাৱধান হবলৈও তেওঁ দোহাৰে৷ ছাত্ৰ ছাত্ৰী সকল উচ্চ শিক্ষাৰে শিক্ষিত হৈ সুনাগৰিক হিচাবে সমাজত সেৱা আগবঢ়ালেহে সমাজখন সঠিক দিশৰে আগবাঢ়িব বুলি তেওঁ কয়৷ অনুস্হানত ৬৫০গৰাকী ছাত্ৰ ছাত্ৰীক(উচ্চ আৰু উচ্চতৰ মাধ্যমিক) অভিনন্দন জনোৱা হয়৷ অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী কাশ্মীৰ ওজাই এটি বড়গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে৷ আন আন একাংশ শিল্পীয়ে গীত নৃত্য পৰবেশন কৰি পৰিবেশটো জীপাল কৰি তোলে৷

প্ৰেৰক দিলীপ মেধি

You might also like