অনাহক ফেচবুক পোষ্টঃ ৰঙিয়া থানাত গোচৰ তৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই
নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰ : ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই তেওঁৰ বিৰুদ্ধে ফেচবুকত পোষ্ট দিয়া সন্দৰ্ভত জয়া কলিতা নামৰ এগৰাকী যুৱতীৰ বিৰুদ্ধে আজি ৰঙিয়া থানাত গোচৰ তৰে। উল্লেখ্য যে জয়া কলিতাই ২০১৮ চনত স্থানীয় বিধায়কে চাকৰিৰ নামত ধন বিচৰা বুলি ফেচবুকত অভিযোগ তুলি পোষ্ট কৰিছিল । ২০১৮ চনতো ৰঙিয়াৰ বিধায়ক আছিল ভবেশ কলিতা । বিধায়ক কলিতাই তেওঁকে টাৰ্গেট কৰি জয়া কলিতাই পোষ্ট দিয়া অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰে । ভাবমূৰ্তি ম্লান কৰাৰ বাবে এনে মিছা অভিযোগ উত্থাপন কৰা বুলি দাবী কৰে বিধায়ক কলিতাই । ইয়াৰ পিছত আদালততো জয়া কলিতাৰ বিৰুদ্ধে গোচৰ তৰিব বুলি বিধায়ক গৰাকীয়ে জনায় ।
প্ৰেৰক ফাৰুক হুছেইন