নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছৌদি আৰবৰ ৰাষ্ট্ৰীয় দিৱসৰ শুভেচ্ছা জনাই প্ৰিন্স মহম্মদ বিন ছালমানক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ প্ৰধানমন্ত্ৰী মোদীৰ

বিশেষ বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ ছৌদি আৰবৰ ৰাষ্ট্ৰীয় দিৱসৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আগতীয়াকৈ ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে কৰিছে। চৌদি আৰবৰ প্ৰথম আনুষ্ঠানিক ভ্ৰমণ সমাপ্ত কৰি শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৰাজনৈতিক, বাণিজ্য, শক্তি, প্ৰতিৰক্ষা আৰু নিৰাপত্তাকে ধৰি সকলো ক্ষেত্ৰতে দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে বুলি ভাৰতীয় দূতাবাসে কয় এক প্ৰেছ বিজ্ঞপ্তিযোগে। তেওঁ দেওবাৰে জেদ্দাত ছৌদিৰ ৰাজকুমাৰক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ পৰা লিখিত বাৰ্তা প্ৰদান কৰি অহা ২৩ ছেপ্টেম্বৰত চৌদি আৰৱৰ আগন্তুক ৰাষ্ট্ৰীয় দিৱসত শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ক্ৰাউন প্ৰিন্সক আগতীয়াকৈ ভাৰত ভ্ৰমণৰ বাবে পুনৰ আমন্ত্ৰণ জনায়। এই বৈঠকত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু ইয়াক বৃদ্ধিৰ সুযোগসমূহৰ পৰ্যালোচনা কৰা হয় আৰু শেহতীয়া আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়নৰ লগতে ইয়াৰ প্ৰতি কৰা প্ৰচেষ্টাসমূহৰ বিষয়ে আলোচনা কৰা হয় বুলি চৰকাৰী ছৌদি প্ৰেছ এজেন্সীয়ে প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে দেওবাৰে ৰিয়াদত জয়শংকৰে তেওঁৰ ছৌদিৰ ৰাজকুমাৰ ফৈছাল বিন ফাৰহানৰ সৈতে আলোচনাত মিলিত হৈ বৰ্তমানৰ বিশ্ব ৰাজনৈতিক লগতে অৰ্থনৈতিক বিষয়সমূহৰ ওপৰত আলোচনা কৰে আৰু জি-২০ আৰু বহুপক্ষীয় সংগঠনসমূহত একেলগে কাম কৰিবলৈ সন্মত হয়। ভাৰত-চৌদি আৰৱ কৌশলগত অংশীদাৰিত্ব পৰিষদৰ কাঠামোত অনুষ্ঠিত হোৱা ৰাজনৈতিক, নিৰাপত্তা, সামাজিক আৰু সাংস্কৃতিক সহযোগিতা সমিতিৰ উদ্বোধনী বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে সহমৰ্মিতা প্ৰকাশ কৰে। দুয়োজন মন্ত্ৰীয়ে ৰাজনৈতিক, বাণিজ্য, শক্তি, বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা আৰু সংস্কৃতিকে ধৰি সকলো ক্ষেত্ৰতে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ ইতিবাচক মূল্যায়ন কৰে। ভাৰতীয় দূতাবাসৰ প্ৰেছ বিজ্ঞপ্তিটোত কোৱা হৈছে যে খাদ্য সুৰক্ষা, স্বাস্থ্যসেৱা, ঔষধ, প্ৰতিৰক্ষা উদ্যোগ আৰু মনোৰঞ্জন আদি দ্বিপাক্ষিক সহযোগিতা অধিক বৃদ্ধিৰ বাবে কেইবাটাও ক্ষেত্ৰ চিনাক্ত কৰা হৈছে। দুয়োজন মন্ত্ৰীয়ে পি এছ এছ চিৰ চাৰিটা যুটীয়া কৰ্মগোট (ৰাজনৈতিক আৰু কনছুলাৰ; প্ৰতিৰক্ষা; আইনী আৰু নিৰাপত্তা; আৰু সামাজিক আৰু সাংস্কৃতিক)ৰ লগতে জ্যেষ্ঠ বিষয়াসকলৰ সভাসমূহৰ কাম-কাজৰ সমৰ্থন কৰে। বিবৃতিটোত কোৱা হৈছে যে বহুপক্ষীয় সংগঠন বিশেষকৈ জি-২০ত দুয়োখন দেশৰ মাজত অধিক সমন্বয়ৰ বিষয়েও আলোচনা কৰা হয়। উল্লেখ্য যে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানৰ প্ৰথম ভাৰত ভ্ৰমণলৈ আহিছিল।

You might also like