নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰঝাৰ বিমান বন্দৰত বিমান উৰণ-অৱতৰণৰ স্বয়ংক্ৰিয় পদ্ধতি প্ৰৱৰ্তন

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত স্থাপন কৰা হয় উত্তৰ–পূবৰ ভিতৰত প্রথমবাৰৰ বাবে Airport Collabarative Decision Making (A-CDM) পদ্ধতি৷ এই পদ্ধতিৰ দ্বাৰা বিমানৰ উৰণ–ৱতৰণ, ৰানৱে’ত ৰখা আদি কার্য স্বয়ংক্রিয়ভাৱে নিয়ন্ত্রণ কৰা হ’ব৷ ভাৰতীয় বিমান বন্দৰ প্রাধিকৰণৰ উত্তৰ–পূব মণ্ডলৰ ক্ষেত্রীয় কার্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে এই স্বয়ংক্রিয় পদ্ধতি মুকলি কৰি কয় যে বায়ু যাতায়াত নিয়ন্ত্রক (এটিচি)ৰ লগত সংযোজন কৰা এই পদ্ধতিৰ সহায়ত বিমান এখনৰ পাইলটৰ উপৰি বিমান উৰণ–ৱতৰণ নিয়ন্ত্রণৰ লগত জড়িত বিষয়া–কর্মচাৰীসক বিমান বন্দৰৰ ৰানৱে’ত বিমানখন ক’ত অৱতৰণ কৰিব, ক’ৰ পৰা উৰা মাৰিব, যাত্রী নমাৰ পিছত বিমানখন ক’ত ৰাখিব, পৰৱর্তী উৰণৰ বাবে বিমানখন ক’ত অপেক্ষা কৰিব সেই নির্দেশনা বা সংকেত স্বয়ংক্রিয়ভাৱে লাভ কৰিব৷ বর্তমানলৈ দিল্লী, চেন্নাই, কলকাতা, মুম্বাই, জয়পুৰ, আহমেদাবাদ আৰু তিৰুৱন্তপুৰম বিমান বন্দৰত এই পদ্ধতি প্রৱর্তন কৰা হৈছে৷ অনুষ্ঠানত বৰঝাৰ বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰকে ধৰি শীর্ষ বিষয়া–ভিযন্তাসকল্ উপস্থিত থাকে।

You might also like