নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি টাই আহোমসকলৰ মে-ডাম-মে-ফি 

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ আজি মে-ডাম-মে-ফি । আজি টাই আহোমসকলে দেশ-মাটি ৰক্ষাৰ্থে পূৰ্বপুৰুষ সকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত টাই আহোমসকলে উদযাপন কৰিছে মে-ডাম-মে-ফি ।

ইপিনে চৰাইদেউৰ ময়দানত ৰাজ্য চৰকাৰৰ উদ্যোগত চৰকাৰীভাৱে পালন কৰিছে মে-ডাম-মে-ফি । এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাজনো মন্ত্ৰী-বিধায়ক উপস্থিত থাকিব ।

মে-ডাম-মে-ফি হ’ল টাই আহোমসকলৰ এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়৷ মে-ডাম-মে-ফিৰ অৰ্থ হ’ল মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফী মানে হ’ল মৃতকৰ দেও ৷

ইফালে টাই আহোমসকলৰ এই উৎসৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইট যোগে শুভেচ্ছা জ্ঞাপন কৰিছে ।

You might also like