বৰবাৰীত মে-ডাম-মে-ফীৰ ৰূপালী জয়ন্তীত বৰ্ণাঢ্য শোভাযাত্ৰা
কলাক্ষেত্ৰত শুভাৰম্ভণী অনুষ্ঠানত অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইন
নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ বৰবাৰীৰ তাই–আহোম মে–ডাম–মে–ফীৰ ৰূপালী জয়ন্তীবর্ষ উপলক্ষে বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হৈছে মে–ডাম–মে–ফী৷ প্রথম দিনাৰ কার্যসূচীৰ অংশ হিচাপে বৃহস্পতিবাৰে পুৱা পতাকা উত্তোলনেৰে এই কার্যসূচীৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ প্রাক্তন গৃহ আয়ুক্ত ড০ বি কে গোহহায়ে৷বৰবাৰীৰ স্বর্গদেউ ৰুদ্রসিংহ চেংৰেন প্রাংগণত অনুষ্ঠিত হোৱা এই শুভাৰম্ভ অনুষ্ঠানতে মে–ডাম–মে–ফী উদ্যাপন সমিতিৰ প্রাক্তন সভাপতি আৰু বয়োজ্যোষ্ঠ ২৪জনকৈ বিশিষ্ট লোকে উত্তোলন কৰে ২৪খনকৈ পতাকা৷ ইয়াৰ পিছতে মৈদাম তর্পণ কৰি পূর্বপুৰুষক স্মৰণ কৰে উপস্থিত লোকসকলে৷ আনহাতে এই তর্পণ অনুষ্ঠানৰ পিছতে বৰবাৰীৰ তাই আই জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি বৰবাৰীৰ স্বর্গদেউ ৰুদ্রসিংহ চেংৰেন প্রাংগণৰ পৰা শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রলৈ উলিয়াই এক বর্ণিল সাংস্কৃতিক শোভাযাত্রা৷ এই শোভাযাত্রাৰ অন্ততঃ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ প্রেক্ষাগৃহত অনুষ্ঠিত হয় আন এক সাংস্কৃতিক কার্যসূচী, য’ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৰুণাচল প্রদেশৰ উপ–মুখ্যমন্ত্রী চাওনা মেইন, পদ্মশ্রী যোগেন্দ্র নাথ ফুকনকে ধৰি বহু বিশিষ্ট ব্যক্তি৷ এই অনুষ্ঠানতে অৰুণাচল প্রদেশৰ উপ–মুখ্যমন্ত্রীগৰাকীক প্রদান কৰা হয় আহোমৰ স্মাৰক, চেলেং আৰু শৰাই৷ উল্লেখ্য যে শুকুৰবাৰে অর্থাৎ ৩১ জানুৱাৰীৰ দিনাখন বৰবাৰীৰ স্বর্গদেউ ৰুদ্রসিংহ চেংৰেন প্রাংগণত অনুষ্ঠিত হ’ব মূল পূজা, য’ত সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক কমিটীৰ সম্পাদক প্রধান বাস্য বৰাই।