মৰিয়নি মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা ‘ভূবীক্ষণ’ উন্মোচন
নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ মৰিয়নি মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰাচীৰ পত্ৰিকা ‘ভূবীক্ষণ’ৰ এইবৰ্ষৰ সংখ্যা কালি বিশ্বকৰ্মা পূজাৰ দিনা উন্মোচন কৰা হয় । মহাবিদ্যালয়খনৰ ভূগোল বিভাগে বিগত ৩১ বছৰে বিশ্বকৰ্মা পূজাৰ দিনা এই প্ৰাচীৰ পত্ৰিকাখনি প্ৰকাশ কৰি আহিছে । এইবাৰৰ ৩২ তম সংখ্যাটি উন্মোচন কৰে মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা ভূগোল বিভাগৰ জ্যেষ্ঠা অধ্যাপিকা ড° মঞ্জুলা বৰঠাকুৰ আৰু বৰ্তমানৰ অধ্যক্ষ ড° হৰেন গোৱালাই । ভূগোল বিভাগৰ সহকাৰী অধ্যাপিকা মনালিছা বৰঠাকুৰ আৰু দীপাংকৰ চুতীয়াৰ তত্বাৱধানত প্ৰকাশ কৰি ওলিওৱা প্ৰাচীৰ পত্ৰিকাখনৰ এইবাৰৰ সংখ্যা সম্পাদনা কৰিছে ছাত্ৰ উজ্জ্বল ছেত্ৰী আৰু ছাত্ৰী শীতল শৰ্মাই ।
‘ভূবীক্ষণ ‘ উন্মোচন কৰি উন্মোচক ড° মঞ্জুলা বৰঠাকুৰে প্ৰাচীৰ পত্ৰিকাখনিৰ ইতিহাস সম্পৰ্কে উল্লেখ কৰি ভৱিষ্যতেও এনে প্ৰচেষ্টা নিৰবিচ্ছিন্নভাৱে আগবঢ়াই যাবলৈ সকলোৰে প্ৰতি আহ্বান জনায় । ‘ভূবীক্ষণ’ কেৱল ভূগোল বিভাগৰে নহয় মহাবিদ্যালয়খনৰ বাবেও এই উল্লেখযোগ্য অৱদান বুলিও তেওঁ লগতে উল্লেখ কৰে । আনজন উন্মোচন তথা অধ্যক্ষ ড° হৰেন গোৱালাই ভূগোল বিভাগৰ এনে প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে সকলো বিভাগেই এনে প্ৰচেষ্টা হাতত ল’ব লাগে বুলি মন্তব্য কৰে । আনহাতে, প্ৰাচীৰ পত্ৰিকাখনিৰ মান ভৱিষ্যতে অধিক উন্নত কৰাৰ পোষকতা কৰে । উন্মোচনী অনুষ্ঠানত ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ড° মুনমুন বৰা প্ৰমুখ্যে অধ্যাপক অধ্যাপিকা, ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীসকল উপস্থিত থাকে । উল্লেখযোগ্য যে, বিগত সময়ত হোৱা বিধ্বংসী বানপানী আৰু ডিমা হাচাওৰ ভয়াবহ ভূমিস্খলনক মূল বিষয়বস্তু হিচাপে লৈ দুৰ্য্যোগ ব্যৱস্থাপনাৰ বিভিন্ন দিশ সাঙুৰি এইবৰ্ষৰ ‘ভূবীক্ষণ ‘ প্ৰকাশ কৰি উলিওৱা হৈছে ।