- ১০ বছৰতে অভিনয় আৰম্ভ কৰি শতাধিক ছবিত অভিনয়েৰে চলচ্চিত্র জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আশা পাৰেখলৈ এই সন্মান আগবঢ়ালে কেন্দ্রীয় চৰকাৰে: কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰৰ ঘোষণা
নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ: ভাৰতীয় চলচ্চিত্র জগতৰ সর্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱা হৈছে বলীউডৰ প্রবীণ অভিনেত্রী আশা পাৰেখলৈ৷ ভাৰতীয় চিনেমাৰ হিট গার্ল হিচাপে পৰিচিত আশা পাৰেখলৈ চলিত বর্ষৰ দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱা হৈছে বুলি আজি কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে ঘোষণা কৰে৷ প্রবীণ কণ্ঠশিল্পী আশা ভোছলে, ৰাষ্ট্রীয় বঁটাপ্রাপ্ত কণ্ঠশিল্পী উদিত নাৰায়ণ, অভিনেত্রী পুনম ধিলন, অভিনেত্রী–ৰাজনীতিক হেমা মালিনী আৰু কানাড়া পৰিচালক টি এছ নাগাভাৰনাৰ বিচাৰপীঠে দাদা চাহেব ফাল্কে বঁটা আশা পাৰেখলৈ আগবঢ়োৱাৰ সর্বসন্মত সিদ্ধান্তৰ বিষয়ে কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে ঘোষণা কৰি কয় – চলিত বর্ষৰ দাদা চাহেব ফাল্কে বঁটা আশা পাৰেখলৈ আগবঢ়োৱাটো গৌৰৱৰ বিষয়৷ ১৯৬০ চনৰ পৰা ১৯৭০ চনলৈ বলীউডৰ সবাতোকৈ সফল অভিনেত্রী তথা পাৰিশ্রমিক লাভ কৰা অভিনেত্রী আশা পাৰেখক হিন্দী চিনেমাৰ সর্বকালৰ সবাতোকৈ প্রভাৱশালী অভিনেত্রীৰ অন্যতম হিচাপে বিবেচনা কৰা হয়৷ ১৯৯২ চনত পদ্মশ্রী বঁটাৰে সন্মানিত প্রবীণ অভিনেত্রী আশা পাৰেখৰ ১৯৪২ চনৰ ২ অক্টোবৰত গুজৰাটত জন্ম হৈছিল৷ হিন্দু গুজৰাটী পিতৃ বাসুভাই পাৰেখ আৰু বহৰা মুছলিম সুধা ওৰফে ছালমা পাৰেখৰ সন্তান আশা পাৰেখে শৈশৱৰ পৰাই ভাৰতীয় সত্রীয়া নৃত্য শিকিবলৈ আৰম্ভ কৰে৷ পণ্ডিত বংশীলাল ভাৰতীৰ অধীনত সত্রীয়া নৃত্যৰ প্রশিক্ষণ লোৱা আশা পাৰেখে প্রখ্যাত চলচ্চিত্র নির্মাতা বিমল ৰয়ৰ ‘মা’ (১৯৫২) শীর্ষক ছবিখনত ১০ বছৰ বয়সতে দেৱী আশা পাৰেখ হিচাপে চলচ্চিত্র জগতত প্রৱেশ কৰে৷ ১৯৫৪ চনত ‘বাপ–বেটী’ত শিশু শিল্পী হিচাপে অভিনয় কৰাৰ লগতে কেইবাখনো ছবিত শিশু চৰিত্রত অভিনয় কৰা আশা পাৰেখক অভিনেত্রী অমিতাই ১৯৫৯ চনত বিজয় ভাটৰ ‘গুঞ্জ উঠি চেহনাই’ (১৯৫৯) ছবিৰ বাবে পৰিচালকলৈ নাম প্রেৰণ কৰে যদিও তাৰকাৰ মূল্য নথকাৰ বাবে আশা পাৰেখক সেই ছবিখনৰ বাবে নির্বাচন নকৰিলে৷ আঠ বছৰ পাছত প্রযোজক সুবোধ মুখার্জী আৰু লেখক–পৰিচালক নাছিৰ হুছেইনে ‘দিল দে কে দেখো’ (১৯৫৯)ত অভিনেতা ছামি কাপুৰৰ সৈতে হিৰোইনৰ ভূমিকাত অভিনয়ৰ সুযোগ দিয়ে৷ পৰৱর্তী নাছিৰ হুছেইনৰ সৈতে ‘জব প্যাৰ কিছি চে হোতা হ্যে’, ‘প্যাৰ কা মৌচম’, ‘তিছৰি মঞ্জিল’, ‘বাহাৰোকে স্বপ্ণে’, ‘কাৰাভান’, ‘ফিৰ ৱহী দিল লায়া হু’ আদি ছবিত অভিনয়েৰে দর্শকক মোহিত কৰে৷ পৰৱর্তী সময়ত ‘দো বদন’, ‘চিৰাগ’, ‘মে তুলসী তেৰে আগন কী’, ‘পাগলা কহি কা’, ‘কটি পতংগ’কে ধৰি অনেক হিট ছবিত অভিনয় কৰে৷ ছামি কাপুৰ, দেৱানন্দ, ৰাজেশ খান্না, ধর্মেন্দ্রকে ধৰি সেই সময়ৰ তাৰকাৰ সৈতে অভিনয় কৰা আশা পাৰেখে ১৯৯৫ চনত অভিনয় জগত এৰি দিয়ে৷ হিট গার্ল আশা পাৰেখে ৰাষ্ট্রীয়, আন্তঃৰাষ্ট্রীয় কেইবাটাও বঁটাৰে সন্মানিত হৈছে৷ অহা ৩০ ছেপ্ঢেম্বৰত ৰাষ্ট্রীয় চলচ্চিত্র বঁটাপ্রাপ্তসকলৰ সৈতে দাদা চাহেব ফাল্কে বঁটা বিজয়ী আশা পাৰেখক ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে বঁটাটোৰে সন্মানিত কৰিব৷