নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত দেৱীক আদৰাৰ প্রস্তুতি: ফাঁচীবজাৰত ক্রেতা–বিক্রেতাৰ ব্যাপক ভিৰ

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ: শাৰদীয় দুর্গোৎসৱলৈ মাজত মাথোঁ তিনিটা দিন বাকী৷ ক’ভিড পৰিস্থিতিৰ বাবে যোৱা দুটা বছৰ অনুষ্টূপীয়াকৈ পূজা অনুষ্ঠিত কৰাৰ পাছত এইবেলি আয়োজকসকলৰ মাজত ব্যাপক উৎসাহ–উদ্দীপনা দেখা পোৱা গৈছে৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীত চলিছে পূজাৰ ব্যাপক প্রস্তুতি৷ শাৰদীয় দুর্গোৎসৱৰ দিন চমু চাপি অহাৰ লগে লগে দুর্গতিনাশিনী দেৱীক আদৰিবলৈ আয়োজকসকলে যাৱতীয় প্রস্তুতি প্রায় সম্পন্ন কৰি তুলিছে৷ মহানগৰীৰ প্রান্তে প্রান্তে আয়োজকসকলে লাখ লাখ টকা বাজেট ধার্য কৰি বিভিন্ন আর্হিৰে পূজামণ্ডপ নির্মাণ কৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ সমান্তৰালকৈ মহানগৰীৰ বজাৰতো পূজাৰ পূর্বে নিজ পছন্দৰ সামগ্রী বিচাৰি ভিৰ কৰিছে৷ বিশেষকৈ উত্তৰ–পূবৰ বাণিজ্যিক কেন্দ্রস্বৰূপ ফাঁচী বজাৰত পূজাৰ কাপোৰ আৰু অন্যান্য সামগ্রী ক্রয় কৰিবলৈ মহানগৰবাসীৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা গ্রাহকৰ আগমনে ভিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে৷ অৱশ্যে মূল্যবৃদ্ধিৰ লগতে কাপোৰৰ দাম পূর্বৰ তুলনাত বৃদ্ধি পোৱাত গ্রাহকসকল সমস্যাত পৰিছে৷ পূর্বৰ তুলনাত দুগুণ মূল্যবৃদ্ধি হ’লেও গ্রাহকসকলে উৎসাহেৰে পূজাৰ বজাৰ কৰা পৰিলক্ষিত হৈছে৷ আনহাতে পূজাৰ সময়ছোৱাত যাতে কোনোধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত নহয়, তাৰ বাবে কামৰূপ মহানগৰ জিলা আৰক্ষী প্রশাসনে যাৱতীয় ব্যৱস্থা গ্রহণ কৰি আয়োজক সমিতিসমূহক প্রশাসনৰ নীতি–নির্দেশনা মানি পূজা উদ্যাপন কৰিবলৈ আহ্বান জনাইছে৷ উল্লেখ্য যে এইবেলি কামৰূপ মহানগৰ জিলাত তিনি শতাধিক পূজা উদ্যাপন সমিতিয়ে পূজাৰ আয়োজন কৰা বুলি জিলা প্রশাসনৰ এক সূত্রই সদৰী কৰে৷

You might also like