নতুন চুক্তিয়ে বিটিচিৰ পৰিসৰ-ক্ষমতা হ্ৰাসহে কৰিলেঃ মহিলাৰী
বড়ো শান্তি চুক্তি সন্দৰ্ভত কোকৰাঝাৰত বিপিএফৰ সভা
নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ কেইবাদশকজোৰা সশস্ত্র সংগ্রামৰ যৱনিকা পেলাই বড়ো সমস্যাৰ স্থায়ী সমাধান কৰাৰ লক্ষ্যৰে যোৱা ২৭ জানুৱাৰীত কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ সৈতে এন ডি এফ বিৰ চাৰিটা গোট, এবছু আৰু ইউ বি পি অ’ৱে ঐতিহাসিক তৃতীয়খন বড়ো শান্তি চুক্তি সম্পন্ন কৰে৷ বড়ো জনসাধাৰণৰ লগত বিটিআৰ অঞ্চলত থকা প্রতিটো জাতি–জনগোষ্ঠী আৰু সমগ্র ৰাজ্যৰ বাবেই ই এক গুৰুত্বপূর্ণ বিষয় হিচাপে চিহ্ণিত হৈছে৷ সকলোৱে আশা কৰিছে কেইবাদশকজোৰা আন্দোলন কৰাৰ পিছত শেহতীয়াকৈ বিটিআৰ চুক্তিয়ে অঞ্চলটোত এক শান্তিৰ পৰিৱেশ গঢ়ি তুলিব আৰু প্রগতি আহিব৷ কিন্তু বিটিআৰ চুক্তিৰ এসপ্তাহ নৌহওঁতেই চুক্তিকেন্দ্রিক পৰস্পৰবিৰোধী ক্রিয়া–প্রতিক্রিয়া আৰম্ভ হৈছে৷ শুকুৰবাৰে কোকৰাঝাৰ চহৰৰ বডোফা নগৰৰ গ্রীন ফিল্ডত বিপিএফ দলৰ দ্বাৰা আয়োজিত এখন বিশাল সাধাৰণ সভাত বি পি এফৰ সভাপতি তথা বি টি চি প্রধান হাগ্রামা মহিলাৰীসহ বি পি এফ দলৰ কেইবাগৰাকীও নেতাৰ বক্তব্যসমূহত সেয়া স্পষ্টকৈ ফুটি উঠা দেখা গৈছে৷ বর্তমানৰ প্রস্তাৱিত বি টি আৰ আৰু পূর্বৰ বি টি এ ডিৰ চাৰি জিলাৰ পৰা অহা সহস্রাধিক দলীয় নেতা–কর্মীক উদ্দেশ্যি দিয়া ভাষণৰ উপৰি সাংবাদিকৰে হোৱা মুখামুখিৰ সময়ত মহিলাৰীয়ে কয়, ‘বি টি চিৰ লগতে বি টি চি–বহির্ভূত বড়োসকলে বি টি চিৰ পৰিসৰ বৃদ্ধি হ’ব বুলি আশা কৰিছিল৷ কিন্তু বি টি আৰ চুক্তিয়ে বি টি চিৰ পৰিসৰ আৰু ক্ষমতা বৃদ্ধি কৰাৰ পৰিৱর্তে হ্রাসহে কৰিলে৷ এবছুৰ প্রতি আক্রমণাত্মক মহিলাৰীয়ে কয়– এন ডি এফ বিৰ চাৰিওটা গোটে সমস্যা সমাধান তথা শান্তিৰ স্বার্থত এই চুক্তিখন স্বাক্ষৰ কৰিছে যদিও এবছুই বাহ বাহ ল’ব বিচাৰিছে৷ এবছুই যিমানেই ‘ক্রেডিট’ ল’ব নিবিচাৰক কিয় তাৰ বাবে এন ডি এফ বিকহে ক্রেডিট দিব লাগিব৷ একমাত্র ৰাজনৈতিক ক্ষমতা হস্তগত কৰাৰ উদ্দেশ্যৰে ততাতৈয়াকৈ স্বাক্ষৰিত হোৱা চুক্তিখনত কোনো নতুনত্ব নাই৷ এটা কথা স্পষ্ট যে এবছুই যিমানেই কায়দা কৰি অন্তর্ৱর্তী বি টি আৰ গঠন কৰাৰ চেষ্টা নকৰক কিয় আমাক নির্বাচন লাগিবই৷ আমি নির্বাচন খেলিমেই৷ তাত কোনো দ্বিমত নাই৷ তেওঁ কয়– নির্বাচনত আমি এন ডি এফ বিকো ল’ম৷ ডিভাইড আছাম ফিফটী ফিফটী শ্লোগান দিয়া এবছুই এতিয়া আত্মসমর্পণ কৰি বি টি আৰ চুক্তি কৰিছে৷ এইটো বড়ো জাতিৰ কাৰণে বিৰাট দুখ লগা বিষয়৷ ইপিনে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা ৭ ফেব্রুৱাৰীত কোকৰাঝাৰত বি পি এফ দলৰ এক বিশাল গণসমাৱেশত অংশগ্রহণ কৰিব আৰু উক্ত গণ সমাৱেশত বি পি এফ দলৰ নেতা–কর্মী আৰু সদস্যসকলক হাতে হাতে দলীয় পতাকা লৈ প্রৱেশ কৰিবলৈ মুকলি নির্দেশ জনাইছে মহিলাৰীয়ে৷ চাৰিখন জিলাৰ প্রতিখন জিলা সমিতিয়ে এক লাখকৈ লোক আনিব লাগিব৷ কোকৰাঝাৰ জিলাৰ পৰা সর্বাধিক ডেৰ লাখ লোক গোটাব লাগিব বুলি দলীয় নেতা–কর্মীক নির্দেশ দিয়া মহিলাৰীৰ মতে গণসমাৱেশখনত অতি কমেও পাঁচ লাখ লোকৰ সমাগম হ’ব লাগিব৷ মুঠতে বি পি এফ দলে প্রধানমন্ত্রীৰ সন্মুখত দলীয় শক্তি প্রদর্শন কৰিবই বুলি মহিলাৰীয়ে দোহাৰে৷ মহিলাৰীয়ে কয় যে প্রস্তাৱিত বি টি আৰ গঠন হোৱাৰ পূর্বে পূর্বৰ বি টি চিৰ চল্লিশটা পৰিষদীয় সমষ্টিত নির্বাচন অনুষ্ঠিত হ’ব৷ নির্বাচনৰ পিছত পুনৰ পৰিষদীয় সমষ্টি পুনৰ গঠন, গাঁও অন্তর্ভুক্তি–কর্তন আদি কামসমূহ হ’ব৷ গতিকে তাৰ প্রতি লক্ষ্য ৰাখি সীমামূৰীয়া অঞ্চলত বসবাস কৰি থকা সকলো জাতি–জনগোষ্ঠীৰ লোকক সজাগ থাকিবলৈকো মহিলাৰীয়ে আহ্বান জনাইছে৷ আনফালে, বি টি চি চুক্তি দিৱস অহা ১০ ফেব্রুৱাৰীত বডোফা নগৰস্থিত বর্তমানৰ বি টি চি সচিবালয় পথাৰত জিলা ভিত্তিত উদ্যাপন কৰা হ’ব৷ উক্ত দিনা কোকৰাঝাৰৰ ডিমলগাঁৱত নৱনির্মিত তাৰকাগৃহ উদ্বোধন কৰাৰ লগতে আলফাৰ শ্বহীদ পৰিয়ালৰ আত্মীয়ক এক লাখ টকাৰ আর্থিক অনুদান প্রদান কৰা হ’ব বুলি জানিবলৈ দিছে মহিলাৰীয়ে৷ আজিৰ দলীয় সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা বি টি চিৰ উপ–মুখ্য কার্যবাহী খাম্ফা বৰগয়াৰীয়ে ভাষণৰ আৰম্ভণিতে সাংবাদিকসকলক আক্রমণৰ লক্ষ্য কৰি লৈ সাংবাদিকসকলে বি টি চি অঞ্চলৰ বা–বাতৰিক স্থান নিদিয়ে বুলি অভিযোগ কৰে৷ এন ডি এফ বিৰ চাৰিওটা গোটে অস্ত্র সম্বৰণ কৰি শান্তিৰ বাবে মূলসুঁতিলৈ উভতি অহাটো বড়োসকলৰ বাবে এটা বৃহৎ সাফল্য বুলি ব্যক্ত কৰে বৰগয়াৰীয়ে৷ বি পি এফ দলৰ অন্যতম সম্পাদক প্রবীণ বড়োৱে নিজৰ ভাষণত বি টি আৰ চুক্তিত বিশেষ একো নাই বুলি মত প্রকাশ কৰি ডিভাইড আছাম ফিফটী ফিফটী শ্লোগান দি কোনে কি ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি কৰিছিল সেয়া ৰাইজে জানে বুলি মন্তব্য কৰে৷ আজিৰ সভাখনত বি পি এফৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়েও বি টি আৰ সম্পর্কে থূলমূল বক্তব্য দাঙি ধৰে৷ বি পি এফ দলৰ জ্যেষ্ঠ নেত্রী তথা মন্ত্রী প্রমীলা ৰাণী ব্রহ্মই আগন্তুক পৰিষদীয় নির্বাচনৰ বাবে বি পি এফ বর্তমান যেনেকৈ আছে তেনেকৈয়ে নির্বাচনী যুঁজৰ বাবে সাজু হ’বৰ হ’ল বুলি উল্লেখ কৰে৷ উল্লেখ্য যে শেহতীয়াকৈ বি টি আৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছৰে পৰাই প্রস্তাৱিত বি টি আৰ এলেকাত যে এক বৃহৎ ৰাজনৈতিক ছুনামি আহি বহুতৰে ৰাজনৈতিক কেৰিয়াৰ উলট–পালট কৰিব সেই সম্ভাৱনা ক্রমাৎ প্রকট হৈ পৰা পৰিলক্ষিত হৈছে৷