অমৃত সৰোবৰ আঁচনিৰ পুখুৰী খননক লৈ পানীখেতি সীমান্তত উতপ্ত পৰিস্থিতিঃ খনন কাৰ্য বন্ধ কৰিলে নাগালেণ্ড প্ৰশাসনে
নিয়মীয়া বাৰ্তা, ৩০ছেপ্টেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ অমৃত সৰোবৰ আঁচনিৰ অধীনত তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তত পুখুৰী খননৰ কাম অব্যাহত ৰখাৰ মাজতে আজি এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। অসমৰ প্ৰশাসনৰ নিৰ্দেশ মৰ্মে ঠিকাদাৰৰ নেতৃত্বত এই খনন কাৰ্য আৰম্ভ হোৱাৰ লগে লগে নাগালেণ্ডৰ বৃহৎ সংখ্যক আৰক্ষী বাহিনী উপস্থিত হৈ খনন কাৰ্য বন্ধ কৰি দিয়ে। খবৰ পাই ঘটনাস্থলীত লগে লগে তিতাবৰৰ এচ ডি পি অ’ মৈত্ৰেয়ী ডেকা, তিতাবৰৰ চক্ৰ বিষয়া জয়ন্ত বৰাসহ অসম আৰক্ষীৰ এটা বৃহৎ দল সীমান্তত আহি উপস্থিত হৈ নগাৰ সৈতে আলোচনাত মিলিত হয়। অসমৰ প্ৰশাসনে সীমান্তৰ উক্ত ভূমি অসমৰ বুলি দাবী জনোৱাৰ বিপৰীতে নগাই অসমৰ প্ৰশাসনে নাগালেণ্ডৰ ভূমি কৌশলে ল’ব বিচৰা বুলিহে অভিযোগ তোলে। নগাৰ আকোৰগোজ স্থিতিত অসমৰ প্ৰশাসনে খনন কাৰ্য বন্ধ কৰিবলৈ বাধ্য হৈ পৰে। অতি দুৰ্ভাগ্যজনক কথা যে খনন কাৰ্য চলোৱা স্থলীলৈ সংবাদ মাধ্যমৰ লোক যোৱাত সম্পূৰ্ণৰূপে বাধা প্ৰদান কৰে অসম আৰক্ষীয়ে। ইফালে ঘটনাক লৈ পানীখেতি সীমান্তত স্থানীয় ৰাইজে এক উতপ্ত পৰিবেশৰ সৃষ্টি কৰে। ৰাইজৰ অভিযোগ যে এটা ব্যক্তিগত চেনেলৰ ঠিকাদাৰৰূপী এজন সাংবাদিকে নগাক ভুৱা বাৰ্তা প্ৰেৰণ কৰি সীমান্তত উতপ্ত পৰিস্থিতি সৃষ্টি কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত শংকিত হৈ পৰা প্ৰায় দুই শতাধিক ৰাইজ সৰৱ হৈ উঠে। কিন্তু আৰক্ষী আৰু তিতাবৰ মহকুমা প্ৰশাসনৰ তৎপৰতাত পৰিস্থিতি শাম কাটে। নগাই খনন কাৰ্য বন্ধ কৰাৰ ঘটনাৰ সন্দৰ্ভত তিতাবৰৰ চক্ৰ বিষয়া জয়ন্ত বৰাৰ পৰা জানিব বিচৰাত কয় যে অমৃত সৰোবৰ আঁচনিৰ অধীনত খনন কৰিব বিচৰা উক্ত অংশ নগাই তেওঁলোকৰ বুলি ভাবিছিল। সেয়া অসমৰ মাটি। আমি মেপ দেখুৱাই দিছো। কাইলৈৰ পৰা পুনৰ কাম আৰম্ভ হ’ব। আনহাতে ঘটনাৰ সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকে তিতাবৰৰ মহকুমা আৰক্ষী বিষয়া মৈত্ৰেয়ী ডেকা। অৱশ্যে নাগালেণ্ড প্ৰশাসন আৰু অসমৰ প্ৰশাসনৰ মাজত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে কাইলে পৰা সীমান্তত অসমৰ প্ৰশাসনে খনন কাৰ্য চলাবলৈ সাহস কৰিবনে সেয়া লক্ষ্যণীয় হ’ব।