নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাটৰ প্রতিখন গাঁৱত বিদ্যালয় স্থাপনৰ প্রতিশ্রুতি অৰবিন্দ কেজৰিৱালৰ

নিয়মীয়া বাৰ্তা, ২অক্টোবৰ: চলিত বর্ষৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া গুজৰাট বিধানসভা নির্বাচনৰ বাবে দিল্লী–পঞ্জাৱশাসিত আম আদমী পার্টীয়ে প্রচাৰ অভিযান তীব্রতৰ কৰি তুলিছে৷ দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমী পার্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে গুজৰাটত সঘনাই নির্বাচনী প্রচাৰ চলাই আছে৷ আপৰ মুৰব্বী কেজৰিৱালে আজি ৰাজ্যখনৰ কুচ্চ জিলাৰ গান্ধীধামত ৰাজহুৱা সভা সম্বোধন কৰি যদি গুজৰাটত আম আদমী পার্টী শাসনলৈ আহে, তেতিয়া হ’লে প্রতিখন গাঁৱত চৰকাৰী বিদ্যালয় নির্মাণৰ প্রতিশ্রুতি দিয়ে৷

তদুপৰি, আপৰ মুৰব্বীগৰাকীয়ে কুচ্চ জিলাৰ প্রতিটো প্রান্তৰ নাগৰিকে নর্মদাৰ পানী লাভ কৰিব বুলিও প্রতিশ্রুতি দিছে৷ পঞ্জাবৰ মুখ্যমন্ত্রী ভগৱন্ত মানৰ সৈতে দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটত থকা কেজৰিৱালে দৰিদ্রতা নির্মূলৰ বাবে দৰিদ্র পৰিয়ালৰ লোকক ভাল দৰমহাৰ সংস্থাপন দিয়াৰো প্রতিশ্রুতি দিয়ে৷ বিজেপিয়ে কুচ্চ জিলাত চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰি নিজৰ সন্তানৰ ভৱিষ্যতৰ বাবে এবাৰ আপক সুযোগ দিবলৈ ৰাজ্যবাসীক আহ্বান জনায় কেজৰিৱালে৷

You might also like