নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিলে ‘অসম আৰক্ষী সন্মিলন কেন্দ্ৰ’

 

নিয়মীয়া বাৰ্তা, ৯অক্টোবৰঃ  দেৰগাঁৱস্থিত অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ চৌহদত নৱনিৰ্মিত আৰক্ষী সন্মিলন কেন্দ্ৰটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। এচিয়া মহাদেশৰ ভিতৰতে উল্লেখনীয়ভাৱে গঢ়ি তুলিব লগা আৰু বৰ্তমান নিৰ্মাণ কাৰ্য চলি থকা পুলিচ একাডেমীৰে এটা অন্যতম অংশ হিচাপে প্ৰায় ১৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অত্যাধুনিক আৰক্ষী সন্মিলন কেন্দ্ৰটো মুকলি কৰাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী জনে আৰক্ষী অধিক্ষকসকলৰ সন্মিলনখন উদ্বোধন কৰে। ৰাজ্যখনৰ প্ৰতিখন জিলাৰ আৰক্ষী অধিক্ষকসকল আৰু বিভিন্ন উচ্চ পদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰা এই সন্মিলনৰ আৰম্ভণিতে অসমৰ মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰীগৰাকীক গামোচা, চেলেং,প্ৰশস্তি পত্ৰ আদিৰে উষ্ম আদৰণি জনাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কৃষি মন্ত্ৰী অতুল বৰা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, মুখ্য সচিব, অসমৰ প্ৰিন্সিপাল ছেকেটৰী নিৰজ বৰ্মা, সমীৰ সিনহাৰ উপৰি কেবাগৰাকীয়ো উচ্চ পৰ্যায়ৰ বিষয়াই অংশগ্ৰহণ কৰা আৰক্ষী অধিক্ষক সন্মিলনত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী অমৃত শ্বাহে অসম আৰক্ষীক অধিক শক্তিশালী কৰণৰ ওপৰত গুৰুত্ব দিয়ে। বিশেষকৈ নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰা, কঠোৰ হাতেৰে অপৰাধ নিয়ন্ত্ৰণ, ড্ৰাগছ আৰু অপৰাধীৰ বিৰোদ্ধে শূণ সহনশীলতা, উগ্ৰপন্থীৰ বিৰুদ্ধে তৎপৰতা আদি বিভিন্ন দিশ সামৰি অসম আৰক্ষীৰ প্ৰতি তেওঁ নিৰ্দেশনা তথা আলোচনা কৰে। নাগৰিককেন্দ্ৰীক সেৱাসমূহৰ ওপৰত অধিক গুৰুত্ব আৰু সঠিক অনুসন্ধানৰ ওপৰত গুৰুত্ব দিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে আৰক্ষী অধিক্ষকসকলক আহবান জনাই।  অসম আৰক্ষীয়ে উগ্ৰপন্থী নিৰ্মূলত লাভ কৰা সফলতাক আদৰণি জনোৱা গৃহমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষীক দেশৰ ভিতৰতে শক্তিশালী কৰি গঢ়ি তোলাত গুৰুত্ব দি যায়।

উল্লেখ্য যে আৰক্ষী অধিক্ষক সন্মিলনৰ লগত সংগতি ৰাখি আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় খেলপথাৰত আৰক্ষী জোৱানসকলৰ সমূহীয়া শাৰীৰিক অনুশীলন আৰু মটৰ শ্ব’প্ৰদৰ্শনৰ কাৰ্যসূচীতো গৃহমন্ত্ৰীজন উপস্থিত থকাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ পৰিপেক্ষিতত সেই কাৰ্যসূচী বাতিল কৰাত আৰক্ষী অধিক্ষক সন্মিলন উদ্বোধনৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰীজন যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰৰ পৰা দিল্লীলৈ উৰা মাৰে। উল্লেখ্য যে অত্যাধুনিক ভাৱে শীত তাপ নিয়ন্ত্ৰিত সন্মিলন কেন্দ্ৰটোত ১৫২ খন আসন থকা উচ্চপৰ্যায়ৰ সভাকক্ষ তিনিটাকৈ অত্যাধুনিক কোঠা , ডাইনিং কক্ষৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু লাচিত বৰফুকনৰ প্ৰতিচ্ছবি আছে সুন্দৰ সন্মিলন কেন্দ্ৰটোত ।

You might also like