মৰিয়নিৰ এৰাগাঁৱত মহিলাৰ ভাওনাই মুহিলে দৰ্শকক
বিশেষ বাৰ্তা, ১০ অক্টোবৰঃ মৰিয়নিত নকছাৰী ন-আলি এৰাগাঁও মহিলা সমিতিৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মোৎসৱ উপলক্ষ্যে কালি ৰাতি আয়োজন কৰা ‘কুৰু সন্ধ্যা’ নামৰ মহিলাৰ ভাওনাই ৰাইজৰ মন মুহিবলৈ সক্ষম হয়। শ্ৰীশ্ৰীশংকৰদেৱৰ জন্মোৎসৱৰ লগত সঙ্গতি ৰাখি নআলি এৰাগাঁও অৰুণোদয় মহিলা সমিতিৰ সদস্যাসকলে অৰুণোদয় প্ৰেক্ষাগৃহত এই ‘কুৰু সন্ধ্যা’ নামৰ ভাওনা প্ৰদৰ্শন কৰে। এৰাগাওঁ অৰুণোদয় মহিলা সমিতিৰ মহিলাসকলক দেখা গ’ল শ্ৰীকৃষ্ণ, ভীম, নকুল, সহদেব, দুৰ্যোধন, শকুনি আদিৰ ভাওত। অৰুণোদয় মহিলা সমিতিৰ সদস্যা দেবাশ্রী বৰঠাকুৰ, স্নিগ্ধাৰানী শইকীয়া, অংকিতা ফুকন, কাকুশ্রী নেওগ গগৈ, কাকু গগৈ, অংকিতা চেতিয়া, স্নিগ্ধাৰানী তামুলী, কৃষ্ণা গগৈ, ৰশ্মি গগৈ, মধুমিতা গগৈ, জীতা গগৈ, পল্লৱী গগৈ, নয়নমনি গগৈ, জয়শ্রী গগৈ, অঞ্জলী গগৈ, ক্ষোৰ গগৈ, ৰীমা গগৈ, ৰুমী গগৈ, টুন গগৈ, টুটু গগৈ, পৰিস্মীতা গগৈ আদিয়ে বিভিন্ন ভাৱত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। অঞ্চলটোৰ মহিলাসকলে অভিনয় কৰা ভাওনা চাবলৈ যথেষ্ট সংখ্যক ৰাইজৰ সমাগম হয়। ইফালে, দিনৰ ভাগত মহিলাসকলৰ মাজত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। পদ্ম গগৈয়ে উদ্বোধন কৰা আৰু অনিতা গগৈয়ে সঞ্চালনা কৰা এই দিহানাম প্ৰতিযোগিতাত মুঠ ১৫ টা দলে অংশগ্ৰহণ কৰে। দিহানাম প্ৰতিযোগিতাত বনাই হৰিপ্রিয়া দলে প্রথম স্থান, তৰাতলি লিকচন গাঁও দিহানাম দলে দ্বিতীয় স্থান আৰু চুঙীলাহিং বনমালী শিল্পী দিহানাম দলে তৃতীয় স্থান দখল কৰে। আনহাতে, বনাই হৰিপ্রিয়া দলৰ পূৱালি বৰাই শ্ৰেষ্ঠ নামতী আৰু একে দলৰে মানস বৰাই শ্ৰেষ্ঠ নেগেৰা বাদকৰ পুৰস্কাৰ লাভ কৰে। বিজয়ী প্ৰতিযোগীক নগদ ধন আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়। ইয়াৰ পূৰ্বে কাৰ্যসূচী অনুসৰি পুৱা গুৰু ধর্মধ্বজা উত্তোলন কৰে কনকেশ্বৰ গগৈয়ে। আবেলি গুৰু ধর্মধ্বজা অৱনমন কৰাৰ পিছত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক মনিৰাম গগৈয়ে। আনহাতে, ৰাতি ৮ বজাত ‘কুৰু সন্ধ্যা’ ভাওনা উদ্বোধন কৰে প্ৰধান শিক্ষক প্রদীপ কুমাৰ গগৈয়ে। দিপ্তী হাজৰিকাই আঁত ধৰা ভাওনা উদ্বোধনী অনুষ্ঠানটোৰ পিছত সূত্ৰ নৃত্য প্ৰদৰ্শন কৰে দেবাশ্রী ভৰদ্বাজে। ন আলি এৰাগাঁও অৰোণোদয় মহিলা সমিতিৰ সভানেত্ৰী লিলি গগৈ, কার্যকৰী সভানেত্ৰী ৰুবী গগৈ, সম্পাদিকা জীতা গগৈয়ে তেওঁলোকৰ সহযোগিতাৰ বাবে সকলো ভক্তপ্রাণ ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া