দুলীয়াজানৰ সংবাদকৰ্মী মৃদুল দাসৰ অকাল মৃত্যু
নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰঃ দুলীয়াজানৰ সংবাদকৰ্মী মৃদুল দাস (৩০)ৰ আজি অকাল মৃত্যুত দুলীয়াজানৰ সংবাদ মহলত শোকৰ ছাঁ পৰিছে । যোৱা ৩০ আগষ্টত মধুটিঙত সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল। আজি বিয়লি তেওঁ চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখযোগ্য যে প্ৰয়াত সংবাদকৰ্মীগৰাকী দুলীয়াজান প্ৰেছ ক্লাবৰ সদস্য আছিল। কেইবাটাও ছেটেলাইট চেনেলত সেৱা আগবঢ়োৱাৰ লগতে দাসে শেহতীয়াকৈ এটা ৱেবপৰ্টেলত সংবাদ সেৱা আগবঢ়াইছিল। দুলীয়াজান নাওহলীয়াৰ জালিয়াবস্তী অঞ্চলৰ বাসিন্দা মৃদুল দাসৰ অকাল মৃত্যুত সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজান, দুলীয়াজান প্ৰেছ ক্লাৱ, আপকু ডিব্ৰুগড় জিলা সমিতিৰ লগতে বিভিন্ন দল সংগঠন, ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত সংবাদকৰ্মীগৰাকীয়ে পিতৃ, মাতৃ, ভাতৃ আৰু ভগ্নীৰ লগতে অনেক আত্মীয় স্বজনক ইহসংসাৰত এৰি গৈছে ।
প্ৰেৰক কৃষ্ণা গগৈ