জনসাধাৰণৰ মূৰত ৰামটাঙোনঃ চিটীবাছত উঠিলেই যাত্রীয়ে ভৰিব লাগিব ১০ টকা
নিয়মীয়া বাৰ্তা, ১১অক্টোবৰ: পেট্র’ল–ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ নাগৰিকক কোঙা কৰি পেলোৱাৰ সময়তে মূল্যবৃদ্ধি ৰোধত চূড়ান্তভাৱে ব্যর্থ হোৱা ৰাজ্য চৰকাৰে চিটীবাছৰ ভাৰা বৃদ্ধিৰে পুনৰ জনসাধাৰণৰ মূৰত ৰামটাঙোন শোধাইছে৷ অসম চৰকাৰৰ পৰিবহণ বিভাগে পৰিবহণৰ ক্ষেত্রখনত থকা বিভিন্ন সমস্যা সমাধান কৰাত ব্যর্থ হোৱাৰ পিছত সংগোপনে চিটীবাছৰ ভাৰা বৃদ্ধি কৰিছে৷ পৰিবহণ বিভাগে সংগোপনে যোৱা ১৪ ছেপ্ঢেম্বৰত এক নির্দেশনাযোগে চিটীবাছৰ ভাৰা ১০ টকাৰ পৰা ৩০ টকা পর্যন্ত বৃদ্ধি কৰিছে৷
পৰিবহণ বিভাগৰ তথ্য অনুসৰি মহানগৰীত চিটীবাছত চলাচল কৰা যাত্রীসকলে এতিয়াৰে পৰা চিটীবাছত উঠিলেই ১০ টকা ভৰিব লাগিব৷ প্রাপ্ত তথ্য অনুসৰি চিটীবাছত যাত্রা কৰা প্রতিগৰাকী যাত্রীয়ে ৫ কিলোমিটাৰ দূৰত্বৰ বাবে নূ্যনতম ১০ টকা আৰু ৫ৰ পৰা ৯ কিলোমিটাৰ পর্যন্ত ১৫ টকা ভৰিব লাগিব৷ একেদৰে ৯ৰ পৰা ১৩ কিলোমিটাৰ পর্যন্ত চিটীবাছত যাত্রা কৰিলে যাত্রীয়ে ভৰিব লাগিব ১৮ টকা৷ পৰিবহণ বিভাগৰ তথ্য অনুসৰি ১৩ৰ পৰা ১৭ কিলোমিটাৰ পথ চিটী বাছত চলাচল কৰা যাত্রীয়ে ২২ টকা, ১৭ৰ পৰা ২১ কিলোমিটাৰ পর্যন্ত যাত্রা কৰা যাত্রীয়ে ভৰিব লাগিব ২৬ টকা৷ অনুৰূপ ধৰণে ২১ৰ পৰা ২৫ কিলোমিটাৰ যাত্রা কৰা চিটীবাছৰ যাত্রীয়ে সর্বাধিক ৩০ টকা পর্যন্ত ভাৰা ভৰিব লাগিব৷
আনহাতে, ২৫ কিলোমিটাৰৰ পিছত যদি কোনো যাত্রীয়ে চিটীবাছত চলাচল কৰে, তেন্তে প্রতি কিলোমিটাৰত অতিৰিক্ত ১ টকা ভাৰা আদায় দিব লাগিব৷ মহানগৰীত চলাচল কৰা চিটীবাছ যাত্রীসকলৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি পৰিবহণ বিভাগ তথা কামৰূপ মহানগৰ জিলা পৰিবহণৰ কার্যালয়ে সময়ে সময়ে বিভিন্ন কার্যসূচী গ্রহণ কৰি আহিছে যদিও সেইসমূহ কার্যকৰী কৰিব নোৱৰাৰ বাবে এশ এবুৰি সমস্যাৰ মাজত যাত্রীয়ে চিটীবাছত চলাচল কৰি আহিছে৷ আনকি চিটীবাছত সাধাৰণ যাত্রীৰ লগতে মহিলাসকলৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি প্রতিখন চিটীবাছত চিচি টিভি সংলগ্ণ কৰাৰ লগতে জধে–মধে চিটীবাছ ৰখাই যাত্রী উঠা–নমা নকৰোৱা আৰু নির্দিষ্ট আস্থানতহে চিটীবাছ ৰখোৱাৰ বাবে পৰিবহণ কার্যালয়ে চিটীবাছৰ মালিক, কর্মচাৰীসকলক নির্দেশ দিছিল যদিও সেয়া আজিও কার্যকৰী হোৱা নাই৷
পৰিবহণ বিভাগৰ গাফিলতিৰ বাবেই চিটীবাছত চলাচল কৰা যাত্রী বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে৷ সমান দূৰত্বৰ বাবে সমান ভাৰাৰ পৰিৱর্তে অসাধু বাছৰ কর্মচাৰীয়ে যাত্রীৰ পৰা ভাৰাৰ বাবদ অধিক ধন সংগ্রহ কৰি অহাৰ তথ্য পোহৰলৈ অহাৰ পিছত কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই অসাধু বাছৰ কর্মচাৰী আৰু চালকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ আশ্বাস দিছিল৷ কিন্তু জিলা উপায়ুক্তৰ এই আশ্বাস এতিয়া ফুটুকাৰ ফেন হৈছে৷