নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ আফ্রিকাৰে আজি অন্তিম এদিনীয়াঃ দিল্লীত শৃংখলা দখলৰ লক্ষ্য শিখৰ ধাৱন বাহিনীৰ

নিয়মীয়া বাৰ্তা, ১১অক্টোবৰ: ঘৰুৱা দল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ তৃতীয় তথা অন্তিমখন মেচ আজি নতুন দিল্লীত অনুষ্ঠিত হ’ব৷ শৃংখলাটোৰ ৰাঁচীত দেওবাৰে হৈ যোৱা দ্বিতীয়খন মেচত দুর্দান্ত বিজয় সাব্যস্ত কৰা ঘৰুৱা দল ভাৰতে আজি শৃংখলা দখলৰ লক্ষ্যৰে অৱতীর্ণ হ’ব৷ প্রথমখন মেচত দক্ষিণ আফ্রিকাই জয়লাভ কৰি অগ্রগতি লাভ কৰিছিল যদিও দ্বিতীয়খন মেচত শ্রেয়াছ আয়াৰৰ দুর্দান্ত অপৰাজিত শতক আৰু ঈশান কিশনৰ চমকপ্রদ ৯৩ ৰানৰ সহায়ত ভাৰতে মেচখনত ৭ উইকেটত জয়লাভ কৰি শৃংখলাটোত সমতা স্থাপন কৰে৷ দ্বিতীয়খন মেচত জয়লাভ কৰি আত্মবিশ্বাস তুংগত থকা শিখৰ ধাৱন নেতৃত্বাধীন ভাৰতীয় দলটোৱে কাইলৈ নতুন দিল্লীত শৃংখলা দখলৰ লক্ষ্য লৈছে৷

অৱশ্যে শৃংখলাটোত দাঙি ধৰা নিজৰ প্রদর্শনক লৈ সন্তুষ্ট নহয় অধিনায়ক ধাৱন৷ প্রথম দুয়োখন মেচতে বিশেষ উন্নত প্রদর্শন দাঙি ধৰিব নোৱৰা ধাৱনে আজিৰ মেচখনত দীঘলীয়া ইনিংছ খেলাৰ আশা ব্যক্ত কৰিছে৷ ইপিনে, ধাৱনৰ লগতে আনগৰাকী অ’পেনাৰ শুভমন গিলেও নিজৰ ছন্দ অনুসাৰে খেলিব পৰা নাই৷ শুভমন গিলেও প্রথম দুয়োখন মেচতে বিশেষ ৰান কৰিব পৰা নাই৷ অধিনায়ক ধাৱনে তেওঁৰ লগতে শুভমনেও আজিৰ মেচখনত উন্নত প্রদর্শন দাঙি ধৰি ভাৰতীয় দলটোক সুন্দৰ আৰম্ভণি দিব পাৰিব বুলি আশা ব্যক্ত কৰি কয় যে ৰাঁচীত হৈ যোৱা মেচখনত শ্রেয়াছ আয়াৰ আৰু ঈশান কিশনে দাঙি ধৰা বেটিং প্রদর্শনক প্রশংসা কৰে আৰু কয় যে আজিৰ শৃংখলাৰ নির্ণায়ক মেচখনতো দুয়োগৰাকী বেটাৰে দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম হ’ব আৰু ভাৰতীয় দলটোৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰিব৷

ইফালে, বলাৰসকলৰ পৰাও উন্নত প্রদর্শন আশা কৰিছে অধিনায়ক ধাৱনে৷ মহম্মদ ছিৰাজ, আভেছ খান, শার্দূল ঠাকুৰ, কুলদীপ যাদৱ আৰু ৰবি বিষ্ণয়ে আজি গুৰুত্বপূর্ণ মেচখনত ভাৰতীয় দলৰ জয়ত আগভাগ ল’ব পাৰিব বুলি আশা ব্যক্ত কৰে অধিনায়ক ধাৱনে৷

খেলৰ সময়: দুপৰীয়া ১.৩০ বজা৷

You might also like