পালঘৰ কাণ্ডৰ তদন্ত চিবিআইক হস্তান্তৰ কৰিবলৈ সাজু মহাৰাষ্ট্ৰ চৰকাৰ
বিশেষ বাৰ্তা, ১১ অক্টোবৰঃ মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সাধুক লিঞ্চিং কৰাৰ গোচৰত শিন্দে চৰকাৰে লৈছে এক বৃহৎ সিদ্ধান্ত। ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ক জনোৱা মতে, গোচৰৰ তদন্ত চিবিআইক অৰ্পণ কৰিবলৈ সাজু হৈছে। ৰাজ্য চৰকাৰে শপতনামা দাখিল কৰি নিজৰ উদ্দেশ্য প্ৰকাশ কৰে। ২০২০ চনৰ এপ্ৰিল মাহত মহাৰাষ্ট্ৰৰ পালঘৰত দুজন হিন্দু সাধুক উন্মাদ জনগোষ্ঠীৰ হাতত হত্যা কৰি তেতিয়াৰ উদ্ধৱ থাকৰে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে ব্যাপক আন্দোলনৰ সূচনা হৈছিল। এতিয়া দুবছৰৰ পাছত একনাথ শিন্দে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰে এক শপতনামাত কৈছে যে তদন্ত চিবিআইক অৰ্পণ কৰিবলৈ সাজু আৰু ইয়াৰ ওপৰত কোনো আপত্তি নাথাকিব। এই ঘটনাত মুম্বাইৰ পৰা ১৪০ কিলোমিটাৰ উত্তৰে অৱস্থিত পালঘৰ জিলাৰ গডচিঞ্চলেত দুজন সাধুক মাৰপিট কৰি হত্যা কৰে। ইয়াৰ ভিতৰত আছিল ৭০ বছৰীয়া কল্পবৃক্ষ গিৰি মহাৰাজ আৰু ৩৫ বছৰীয়া সুশীলগিৰি মহাৰাজ। ইয়াৰ লগতে তেওঁৰ ৩০ বছৰীয়া এজন চালক নীলেশ তেলগাডেকো হত্যা কৰে। এই ঘটনা কৰোনাৰ সময়ত লকডাউনৰ। এই গোচৰৰ বিভাগীয় তদন্ত আৰম্ভ হোৱাৰ পাছত ১৮ জন আৰক্ষী বিষয়াক শাস্তি প্ৰদান কৰা হয়। এজন সহকাৰী আৰক্ষী পৰিদৰ্শকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বিপৰীতে আন এজন সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক আৰু এজন চালকক বাধ্যতামূলকভাৱে অৱসৰ দিয়া হয়। যোৱা বৰ্ষৰ জানুৱাৰী মাহত এই গোচৰত ৮৯ জন অভিযুক্তক জামিন প্ৰদান কৰা হৈছিল।