মৰিয়নিৰ নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত চোৰাং গৰুসহ আটক পাঁচ সৰবৰাহকাৰী
বিশেষ বাৰ্ত, ১১ অক্টোবৰঃ গৰু সৰবৰাহৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে যদিও একাংশ গৰু চোৰ চক্ৰই এই নিষেধাজ্ঞাৰ প্ৰতি ভ্ৰূক্ষেপ নকৰি চোৰাংকৈ গৰু সৰবৰাহ কৰিয়েই আছে। অসমৰ পৰা নাগালেণ্ডলৈ চোৰাংকৈ গৰু সৰবৰাহ কৰা এক চক্ৰ আজি ৰাইজৰ হাতত ধৰা পৰে। এই সন্দৰ্ভত জানিব পৰা মতে, মৰিয়নিৰ অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী নিউ সোনোৱাল-গাহৰিচোৱা পথেদি চোৰাং গৰুৰ অবৈধ সৰবৰাহ হৈ আহিছে। নিউ সোনোৱাল – গাহৰিচোৱা পথৰ ভবানীপুৰ গাঁৱৰ মাজেৰে নগালেণ্ডলৈ চোৰাংকৈ সৰবৰাহ কৰা পাঁচটা গৰু সহ দুখন বাহন সহ পাঁচজন লোকক অঞ্চলটোৰ ৰাইজে ধৰি আৰক্ষীক গতাই দিয়ে। আজি পুৱা প্ৰায় ছয় মান বজাত বান্দৰ চলিয়াৰ পৰা এ এছ ০১-এম চি-৬২৩৪ নম্বৰ টাটা ডি আই আৰু এএছ ০৩-এচি-৬৩৭৬ নম্বৰৰ টাটা এচি গাড়ীত পাঁচটা গৰু লৈ আহি থকা অঞ্চলটোৰ একাংশ যুৱকে প্ৰত্যক্ষ কৰি বাহন দুখন ৰ’বলৈ সংকেত দিয়ে। কিন্তু বাহন দুখন ৰখোৱাৰ বিপৰীতে তীব্ৰ বেগেৰে পাৰ হৈ যোৱাত যুৱক কেইজনৰ সন্দেহ হয় । পিছত বাইক লৈ যুৱক কেইজনে বাহন দুখন আগছি ধৰে ।যুবক কেইজনে গাড়ী দুখন ৰখোৱাৰ লগে লগে বাহনখনত থকা তিনিজন ব্যক্তি বাহনৰ পৰা নামি পলায়ন কৰে। কিন্তু ৰাইজে বাহন দুখনৰ চালক সহ পাঁচজন লোকক আবদ্ধ কৰি আৰক্ষীক খবৰ দিয়ে। পাচটা গৰু চোৰ ৰাইজে ধৰি আৰক্ষীক চমজাই দিয়ে। মৰিয়নিৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোক কেইজনক আটক কৰাৰ লগতে গৰু সহ বাহনদুখন জব্দ কৰে। ধৃত গৰু সৰবৰাহকাৰী কেইটা হৈছে মৰিগাঁৱ মৈৰাবাৰীৰ গড়িয়াবাৰীৰ আনোৱাৰ হুছেইন (৩৬), ম: নাছিৰুদ্দিন (২৬), নগাঁও বড়িবজাৰৰ মঃ হাবিবুল ইছলাম (১৯), মৰিগাঁৱৰ মিৰিভেটাৰ খাইৰুল ইছলাম (৩৪) আৰু তিতাবৰ শিলিখাগ্ৰান্টৰ অজিৎ সেনাপতি (৩৮)। আনহাতে, পলায়ন কৰা সৰবৰাহকাৰী তিনিটাৰ দুটা ক্ৰমে মৰিয়নি শিলিখাগ্ৰাণ্টৰ ভবেন বৰা আৰু তিতাবৰ বান্দৰচলিয়া নতুন মাটিৰ পুনিৰাম দাস বুলি আৰক্ষীয়ে জানিবলৈ দিছে। গৰুৰ চোৰাং সৰবৰাহকাৰী পুনিৰাম দাস আৰু ভবেন বৰাই দীৰ্ঘদিন ধৰি নগালেণ্ডৰ ভিক’ট’ নগা বস্তিৰ জনৈক নগালোকৰ লগ লাগি নগালেণ্ডলৈ চোৰাংকৈ গৰু সৰবৰাহ কৰি আহিছে বুলিও আৰক্ষীয়ে জানিবলৈ দিছে। এই ক্ষেত্ৰত স্থানীয়লোকৰ প্ৰশ্ন হল নিউ সোনোৱাল গাহৰিচোৱা পথত দুটাকৈ অসম আৰক্ষী বেটেলিয়ানৰ সীমান্ত নিৰীক্ষণ চকী থকাৰ পাছটো কেনেকৈ সীমান্তৰ গাঁৱৰ মাজেৰে নাগালেণ্ডলৈ গৰু সৰবৰাহ কৰিব পাৰিছে? স্থানীয় ৰাইজৰ মতে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ মাজেৰে খোজ কঢ়াই গৰু নগালেণ্ডলৈ সৰবৰাহ কৰি আহিছে। কিন্তু নগাঁও- মৰিগাঁৱৰ পৰা আহি মৰিয়নিত আৰক্ষীৰ চকুত ধুলি দি কিদৰে নগালেণ্ডলৈ চোৰাংকৈ গৰু সৰবৰাহ কৰি আহিছে সেয়াহে এতিয়া সবাতোকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া