অস্ত্ৰোপচাৰ নকৰাকৈ কিশোৰৰ ভালভ সলনি সেনা চিকিৎসালয়ৰ
বিশেষ বাৰ্তা, ১৩ অক্টোবৰঃ দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অস্ত্ৰোপচাৰ নকৰাকৈ হৃদযন্ত্ৰত ভালভ সলনি কৰাৰ বাবে সেনাৰ এখন হাস্পতালে চমৎকাৰ কৰিছে। সেনাৰ আৰ এণ্ড আৰ হাস্পতালে এনে প্ৰতিষ্ঠাপন কৰি ১৫ বছৰীয়া কিশোৰৰ জীৱন ৰক্ষা কৰাই নহয়, আগন্তুক সময়ত হৃদযন্ত্ৰৰ উচ্চ বিপজ্জনক অস্ত্ৰোপচাৰৰ পৰা হাত সাৰিবলৈ উপায়ো দেখুৱাইছে। সংকটজনক অৱস্থাত দিল্লীৰ ৰিচাৰ্চ এণ্ড ৰেফাৰেল (আৰ এণ্ড আৰ) হাস্পতালত ভৰ্তি কৰোৱা হৈছিল এজন ১৫ বছৰীয়া কিশোৰক। সৰুৰে পৰা কনজেনিয়েল হাৰ্ট ডিফিট (CHD) নামেৰে এটা ৰোগ আছিল কিশোৰজনৰ। ইতিমধ্যে কিশোৰজনে শৈশৱতে দুবাৰকৈ মুকলি হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল। এই অস্ত্ৰোপচাৰৰ সময়ত কিশোৰজৰ হৃদযন্ত্ৰত এটা কৃত্ৰিম-নলী সুমুৱাই দিয়া হৈছিল। এই নলীৰ মাজেৰেই কিশোৰজনৰ হৃদপিণ্ডলৈ তেজ যোগান ধৰা হৈছিল, কিন্তু সময়ৰ লগে লগে এই নলীকাটোৰ অৱনতি ঘটিবলৈ ধৰিলে আৰু কিশোৰজনৰ অৱস্থা বেয়া হ’বলৈ ধৰিলে। এনে অৱস্থাত যুৱকজনক আৰ এণ্ড আৰ হাস্পতাললৈ অনা হয়। সেনাৰ মতে, কিশোৰজনৰ তৃতীয়টো হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিব পৰা নগ’ল, কিয়নো ই অতি বিপজ্জনক হ’লহেঁতেন। সেয়েহে আৰ এণ্ড আৰ হাস্পতালৰ পেডিয়াট্ৰিক ইন্টাৰভেনচনেল কাৰ্ডিঅ’লজিষ্টৰ কৰ্ণেল (ডাক্তৰ) হৰমীত সিং আৰোৰাই যুৱকজনৰ হৃদপিণ্ডত নতুন ধৰণেৰে কৃত্ৰিম ভালভটো লগাই দিয়ে। ইয়াৰ বাবে তেওঁ যুৱকজনৰ গ্ৰাইনৰ মাজত অৰ্থাৎ পেট আৰু উৰুৰ মাজত সৰুকৈ কাটি লৈ ট্ৰেন্সকেথেটাৰ পালমোনাৰী ভল্টটো প্ৰতিষ্ঠাপন কৰিছিল। সেনাৰ মতে, চৰকাৰী খণ্ড আৰু সশস্ত্ৰ বাহিনীত প্ৰথমবাৰৰ বাবে এই ধৰণৰ ভালভ সলনি কৰা হৈছে। ইয়াৰ ফলত চি এইচ ডি ৰোগী শিশুৰ চিকিৎসাৰ এক নতুন পথ মুকলি হৈছে, যাৰ ফলত অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তা নাইকিয়া হ’ব আৰু বহুত উন্নত জীৱন যাপন হ’ব। ড০ আৰোৰাৰ এই কামত সশস্ত্ৰ বাহিনীৰ সেৱাৰ সঞ্চালক প্ৰধান অৰ্থাৎ ডি জি, এ এফ এম এছৰ ভাইচ এডমিৰেল (ডাক্তৰ) ৰজত দত্তেও মেণ্টৰশ্বিপ লাভ কৰিছিল। ডাঃ দত্ত নিজেই সেনাৰ জ্যেষ্ঠ আটাইতকৈ কাৰ্ডিঅ’লজিষ্ট।