বিশেষ বাৰ্তা, ১৩ অক্টোবৰঃ ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত অসমৰ জনসাধাৰণৰ বিপুল সমৰ্থনৰে জন্মলাভ কৰা ৰাজ্যখনৰ বৃহৎ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ৩৮সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো দলীয় সদস্যৰ লগতে ৰাজ্যবাসীলৈ শুভেচ্ছা জনাইছে অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। এক প্ৰেছ বিজ্ঞপ্তিত জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আঞ্চলিক দলটোক দৃঢ়তাৰে আগবঢ়াই নিয়াত যিসকল দলীয় বিষয়ববীয়া আৰু সদস্যই ত্যাগ স্বীকাৰ কৰিলে সেইসকলক স্মৰণ কৰে সভাপতি বৰাই । জন্মলগ্নৰ পটভূমিৰ পৰা বিচলিত নোহোৱাকৈ অসমৰ সকলো জাতি-জনগোষ্ঠী আৰু ধৰ্মালম্বী লোকক একত্ৰিত কৰি এক ঐক্যবদ্ধ শক্তি ৰূপে আগবঢ়ি যাবলৈ দল দায়বদ্ধ। জাতীয় জীৱনলৈ অহা সংকট, প্ৰত্যাহ্বান ৰোধ কৰিবলৈ দলটোৱে এক দুৰ্জেয় শক্তি হিচাপে বিগত সময়টো কাম কৰি আহিছে আৰু ভৱিষ্যতলৈ কাম কৰি যাব। এখন সুৰক্ষিত, শক্তিশালী আৰু বিকশিত অসমৰ প্ৰতি অসম গণ পৰিষদ সদায় দায়বদ্ধ। সকলোৰে সম-অধিকাৰ আৰু সম-বিকাশৰ বাবে দল অংগীকাৰবদ্ধ। সমসাময়িক ৰাজনৈতিক, সামাজিক পৰিবেশৰ ওপৰত পৰ্য্যবেক্ষণ কৰি দলে যুক্তি আৰু বাস্তৱৰ আধাৰত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছে। ঘাত-প্ৰতিঘাত, সুখ-দুখৰ মাজেৰে দলটোৱে এক গৌৰৱোজ্জ্বল ইতিহাস ৰচনা কৰিছে। দলটোৰ প্ৰতিগৰাকী সদস্যকে সমৰ্পণৰ মনোভাৱেৰে কাম কৰি যাবলৈ সভাপতি বৰাই আহ্বান জনায়। দলৰ তৃণমূল পৰ্য্যায়ৰ পৰা সকলো স্তৰৰ দলীয় বিষয়ববীয়া আৰু সদস্যসকল, ভাতৃ-ভগ্নী সংগঠনৰ সদস্যসকল আৰু শুভাকাঙ্খীৰ সহযোগ তথা সক্ৰিয় অংশগ্ৰহণেই হৈছে দলটোৰ মূল শক্তি। সাংগঠনিক কাৰ্য্যপ্ৰণালীৰ ব্যাপক সম্প্ৰসাৰণ আৰু নতুন প্ৰজন্মৰ কৰ্মশক্তি আৰু জ্যেষ্ঠ সকলৰ অভিজ্ঞতাক সাৰথি কৰি দলে ভৱিষ্যতৰ দিক্দৰ্শন কৰিছে। দলৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰত আচোৰ নপৰাকৈ সকলোৰে গ্ৰহণযোগ্য দল হিচাপে আগবঢ়াই নিবলৈ লক্ষ্য স্থিৰ কৰা হৈছে। ৰাজ্যখনৰ ঐতিহ্য আৰু সংস্কৃতিক সুৰক্ষিত ৰূপত সংৰ্বদ্ধনৰ বাবেও পৰিকল্পনা কৰা হৈছে। অসম গণ পৰিষদ দল এটা ৰাজনৈতিক দল হলেও দলটোৰ কাৰ্য্যসূচীত সামাজিক, অৰ্থনৈতিক কাৰ্য্যসূচীৰ প্ৰতিফলন ৰাখি জনসাধাৰণৰ কাষত থাকি, জনসাধাৰণক লগত লৈ আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰা হৈছে। দলে বিশ্বাস কৰে সুস্থ সামাজিক পৰিৱেশেহে সুস্থ ৰাজনৈতিক ধাৰাক গতি দিব পাৰে। সভাপতি বৰাই দলটোৰ এই পবিত্ৰ দিনটোত অসম গণ পৰিষদ দলৰ লগত একাত্ম হৈ ৰাজ্যখনৰ বাবে আত্মনিয়োগ কৰিবলৈ মুকলি আহ্বান জনাইছে। বৰাই কয় যে, দলটোৰ দুৱাৰ, খিৰিকি সকলোৰে বাবে মুকলি আছে। আৰু এটা মুকলি মন লৈ সকলোকে আদৰিবলৈ দল প্ৰস্তুত। উল্লেখযোগ্য যে এই বেলি দলৰ প্ৰতিষ্ঠা দিৱস ৰাজ্যজুৰি সকলো বিধান পৰিষদ আৰু জিলাতেই অনুষ্ঠিত কৰাৰ লগতে বৰপেটাত কেন্দ্ৰীয়ভাৱে বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰা হ’ব। এই উদ্দেশ্যে সমগ্ৰ বৰপেটা, নলবাৰী, বঙাইগাঁও জিলাত দলীয় কৰ্মীসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে।