বিশেষ বাৰ্তা, ১৩ অক্টোবৰঃ মৰিয়নিৰ সমীপৰ চৈকটা চাহ বাগিচাত যোৱানিশা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই একেনিশাই সাতটাকৈ ঘৰ ভাঙে। বাগিচাখনৰ নতুন লাইনৰ ৰোহিত পাটনায়ক, ব্ৰহ্মা পাটনায়ক, অৰুণ নায়ক, মন্টু তাঁতী, দীপক তাঁতী, বাদল কৰ্মকাৰ আৰু সৰুকণ পাটনায়কৰ ঘৰ হাতীৰ জাকটোৱে ধ্বংস কৰে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, সন্ধিয়া সময়তে হাতীৰ জাকটো উক্ত অঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ আৰম্ভ কৰে। কেবাটাও ভাগত বিভক্ত হৈ হাতীজাকে উপদ্ৰৱ চলোৱাৰ পৰিপ্ৰেক্ষিতত ৰাইজ আতংকিত হৈ পৰে। আনহাতে, খৱৰ দিয়াৰ পিছতো বন বিভাগৰ লোক পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে। স্থানীয় ৰাইজে হাতীয়ে ক্ষতিগ্ৰস্ত কৰা লোকক উচিত ক্ষতিপূৰণ দিবলৈ বন বিভাগৰ প্ৰতি দাবী জনাইছে। উল্লেখযোগ্য যে, বিগত কবাদিনো ধৰি হাতীৰ জাকটো চৈকটা চাহ বাগিচাৰ মাজৰে এডোখৰ হাবিতলীয়া ঠাইত আশ্ৰয় লৈ আছে। দিনৰ ভাগত সেই ঠাইত আশ্ৰয় লোৱাৰ বিপৰীতে সন্ধিয়া হ’লেই জাকটো জনাঞ্চললৈ ওলাই আহে। মৰিয়নিৰ বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত এই স্থানসমূহ হাতীৰ উপদ্ৰুত অঞ্চল হিচাপে পৰিগণিত হৈ আহিছে। নিশাৰ ভাগত ‘হাতীৰ ডিউটি’ত থকা বনকৰ্মীসকলে ৰাইজৰ সহযোগত হাতীজাক খেদাৰ চেষ্টা চলাই যদিও বৃহৎ হাতীৰ জাকটো খেদা সম্ভৱ নহয়। তাৰোপৰি কেবাটাও ভাগত বিভক্ত হৈ পৰিলে হাতীজাক খেদি পঠোৱাটো কেতিয়াবা দুৰূহ হৈ পৰে। তাৰোপৰি মৰিয়নিত বন কৰ্মীৰ সংখ্যা তেনেই কম হোৱাৰ বাবেও হাতীজাক খেদাত প্ৰায়েই সমস্যাৰ সন্মুখীন হৈ আহিছে বন বিভাগ। মন কৰিবলগীয়া যে, মৰিয়নিৰ খৰিকটীয়া অঞ্চলত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত তিনিটাকৈ হাতীৰ মৃত্যু হোৱাৰ পিছত যেন অধিক আক্ৰমণাত্মক হৈ পৰিছে হাতীৰ জাকটো। কালি তৃতীয়টো হাতীৰ মৃত্যুৰ পিছতে যোৱা নিশা অঞ্চলটোত হাতীজাকে তাণ্ডৱ চলায়।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া