নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা মহকুমা কৃষি বিভাগৰ উদ্যোগত ঘাৰমৰাত কেন্দ্ৰীয় কাতি বিহু উদযাপন

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ উৰ্বৰা কৃষিভূমিত প্ৰাণ পাই উঠক চহা কৃষকৰ সপোন, তুলসীৰ তলৰ চাকিৰ পোহৰে সমাজক জিলিকাই তোলাৰ আশা আৰু কঙালীৰ গৰ্ভতে ভোগালীৰ বীজ  অংকুৰিত হোৱাৰ অযুত লক্ষ্যৰে  পোক পৰুৱা নিয়ন্ত্ৰণ আৰু লখিমী আদৰাৰ পৰম্পৰাৰে অতীজৰে পৰাই উদযাপন কৰি অহা কৃষিজীৱী অসমীয়াৰ বাপতিসাহোন কাতি বিহুক আজি ঢকুৱাখনা মহকুমা কৃষি বিভাগৰ উদ্যোগত পুৱ ঘাৰমৰা প্ৰাথমিক বিদ্যালয়ত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় ৷ ঢকুৱাখনা মহকুমা ক্‌ষি বিষয়া গৌতম ডেকাই আঁত ধৰা আৰু এডিঅ মন্দিৰা বৰ বৰাই চৰকাৰী বিভিন্ন কৃষি আচঁনি, কৃষি সাহায্য আৰু কৃষি বীমাৰ বিষয়ে কৃষক ৰাইজক অৱগত কৰি সকলোকে চৰকাৰী কৃষি সুবিধা লাভ কৰি উপকৃত হবলৈ আহ্বান জনোৱাৰ লগতে মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তগত ১৩ প্ৰগতিশীল কৃষকক ফুলাম গামোচা আৰু মান পত্ৰেৰে সম্বৰ্ধনা জনোৱাৰ অন্তত ধাননিত ১০০ গছি আকাশ বন্তি জ্বলোৱা হয় ৷.  সভাত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা, বিধায়ক প্ৰতিনিধি ব্ৰজ কুমাৰ দলে, ঢকুৱাখনা পৌৰপতি ৰাজীব দাস, পুব ঘাৰমৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুকুল বৰা,গন্ধীয়া পঞ্চায়তৰ সভানেত্ৰী গীতাঞ্জলী গোহাঁই, ধেনুখনা বাটমাৰী পঞ্চায়তা সভানেত্ৰী হেপ্পী কোঁৱাৰ , প্ৰগতিশীল আৰু সাধাৰণ কৃষক, সমাজ কৰ্মী আদিৰ লগতে শতাধিক কৃষক ৰাইজ উপস্থিত থাকে ৷

প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি

You might also like