নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ যোৱানিশা ধুবুৰী চহৰৰ বাহাদুৰটাৰী অঞ্চলৰ দুটা পৃথক ঠাইত চলোৱা আৰক্ষীৰ দুটা পৃথক দলৰ অভিযানত কেইবা লক্ষাধিক টকা মূল্যৰ ব্ৰাউন চুগাৰ জব্দ হোৱাৰ বিপৰীতে এজন ড্ৰাগচ সৰবৰাহকাৰী কৰায়ত্ত হোৱা বুলি জানিব পৰা গৈছে। সেই অভিযান দুটাত ব্ৰাউন চুগাৰ থকা বুলি সন্দেহ কৰা মুঠ ৪টাকৈ চাবোনৰ বাকচ আৰু ১৬০টা সৰু টেমা উদ্ধাৰ হোৱা বুলি প্ৰকাশ। আনহাতে তদন্তৰ খাতিৰত ধৃত লোকজনৰ সৱিশেষ জনোৱা নাই আৰক্ষীয়ে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী