নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ দুলীয়াজান মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ আৰু অসমীয়া বিভাগৰ যুটীয়া উদ্যোগত দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ‘সংস্কৃত সম্ভাষণৰ পৰিচয়’ শীৰ্ষক এখনি এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লোক বিকাশ গগৈয়ে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত আদৰণী ভাষণত অধ্যক্ষগৰাকীয়ে সংস্কৃত ভাষাৰ প্ৰতি আমাৰ সাধাৰণ ধাৰণা, কৰ্তব্য, কৰ্মপন্থা, বিভিন্ন সুবিধা ইত্যাদি ভিন ভিন বিষয়ে আলোকপাত কৰি সংস্কৃত ভাষাকেন্দ্ৰিক কাৰ্যসূচীৰ প্ৰতি উপস্থিত শিক্ষাৰ্থীসকলক সজাগ কৰাৰ প্ৰয়াস কৰে। মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ চিত্ৰজিৎ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত আজিৰ কৰ্মশালাখনিৰ সমল ব্যক্তি হিচাপে কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ অধীনত থকা অনৌপচাৰিক সংস্কৃত শিক্ষণ কেন্দ্ৰৰ শিক্ষক অনন্ত চেতিয়াই সংস্কৃত সম্ভাষণৰ আৰ্হি শ্ৰেণী উপস্থাপন কৰে আৰু তেওঁক সহযোগ কৰে অসম চৰকাৰৰ District Institute for Education and Training কেন্দ্ৰৰ অধ্যাপক ডঃ চন্দ্ৰ কুমাৰ দাহালে। কৰ্মশালাখনত বিভিন্ন নিত্য ব্যৱহৃত সামগ্ৰীৰ সংস্কৃত ভাষাত নাম প্ৰদৰ্শন, সংস্কৃত ভাষাত থকা বৈজ্ঞানিক সমল প্ৰদৰ্শন, সংস্কৃত সম্ভাষণ বিষয়ক আলোচনা আৰু সংস্কৃত ভাষাত প্ৰাথমিক কথা-বতৰাৰ অভ্যাস কৰোৱা হয়। ইয়াৰ লগতে কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয় নতুন দিল্লীৰ অধীনস্থ এবছৰীয়া প্ৰমাণপত্ৰীয় পাঠ্যক্ৰমৰ বিষয়েও সকলোকে অৱগত কৰা হয়। এই কৰ্মশালাখনত উপস্থিত থাকি উত্তৰণ কবিচক্ৰৰ ডিব্ৰুগড় জিলাৰ সম্পাদক প্ৰশান্ত দত্ত, মহাবিদ্যালয়ৰ ছাত্ৰ বিতু বুঢ়াগোহাঁই, প্ৰাচুৰ্যপ্ৰাণ গোস্বামী, ছাত্ৰী জিন্টি বড়া আদিয়ে নিজৰ নিজৰ অনুভৱ ব্যক্ত কৰে। কৰ্মশালাখনত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ যুটীয়া সমন্বয়ক ডঃ দয়ানন্দ নাথ, জয়ন্ত দত্ত, মহাবিদ্যালয়ৰ কলা শাখাৰ সমন্বয়ক ডঃ হেমন্ত দাস, অসমীয়া বিভাগৰ অধ্যাপিকা ফুলজ্যোতি শইকীয়া, ডঃ মুনমী কোঁৱৰ, ডঃ ববী দাওদুং লাংথাছা, ডঃ লক্ষ্যজিৎ বুঢ়াগোহাঁই আদিও উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে। অসমীয়া বিভাগৰ অধ্যাপিকা ফুলজ্যোতি শইকীয়াই শলাগ জ্ঞাপন কৰা পাছতেই জাতীয় সংগীত পৰিবেশনেৰে কৰ্মশালাখনি সামৰণি পৰে। উল্লেখযোগ্য যে, এই কাৰ্যসূচীত উপস্থিত থকা যথেষ্ট সংখ্যক শিক্ষাৰ্থী আগন্তুক বৰ্ষৰ প্ৰমাণপত্ৰীয় পাঠ্যক্ৰমত নামভৰ্ত্তিৰ বাবে আগ্ৰহীৰ বিষয়ে উল্লেখ কৰিছে কাৰ্যসূচীৰ উদ্যোক্তাই । দশম শ্ৰেণী উত্তীৰ্ণ যিকোনো লোকৰ বাবে মুকলি হৈ থকা এই পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ অনন্ত চেতিয়া, কেন্দ্ৰ শিক্ষক, অনৌপচাৰিক সংস্কৃত শিক্ষণ কেন্দ্ৰ আৰু ৭০৮৬৯৬৮৬১৩ নম্বৰত আগ্ৰহীসকলে যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিছে।
প্ৰেৰক কৃষ্ণা গগৈ