ঢকুৱাখনাত কাতিমহীয়া পথাৰত আঘোণৰ ব্যস্ততা: সোণগুটি চপোৱাত ব্যস্ত কৃষক-দাৱনী
নিয়মীয়া বাৰ্তা,২৩অক্টোবৰ– ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানী আৰু খৰাং বতৰে কৃষকৰ সপোন চুৰমাৰ কৰাৰ সময়তে এক বিপৰীত দৃশ্য দেখা গৈছে ঢকুৱাখনাৰ কৃষি পথাৰত।পকা ধানেৰে উপচি পৰিছে ঢকুৱাখনাৰ বিশাল পথাৰ।আঘোণলৈও এতিয়াও বহুদিন বাকী,কিন্তু কাতি মাহতেই ঢকুৱাখনাৰ বিস্তীৰ্ণ পথাৰত সোণালী হৈছে ধাননি।পকা ধানৰ আমোল মোল গোন্ধই মতলীয়া কৰি তুলিছে কৃষকৰ মন-প্ৰাণ।পকা ধানে ৰিঙিয়াই মাতিছে কৃষক দাৱনীক ।বতাহত হালি জালি নাচি থকা সোণালী ধাননি দৰাই কৃষকৰ মনলৈ কঢ়িয়াই আনিছে অপাৰ আনন্দ। জাক -জাক দাৱনীয়ে হাতত কাঁচি লৈ নামি পৰিছে পথাৰত।প্ৰখৰ ৰ’দকো নেওচি পুৱাৰ পৰা গধূলিলৈ কৃষক-দাৱনীৰ ব্যস্ত হৈ পৰিছে ধান কটাত।কপালত ঘাম আৰু হাতত পকা ধানৰ পাতৰ আঁচোৰ ,অথচ বুকুত অপাৰ আনন্দ। হাতৰ মুঠিত আলফুলে বান্ধিছে বছৰযোৰা সপোনবোৰ।দাৱনী সকলৰ হাঁহি – খিকিন্দালীৰে মুখৰিত হৈ পৰিছে বৃস্তীৰ্ণ পথাৰ।পথাৰত ধান দাই থকাৰ মাজতে লৈছে ৰবাব টেঙাৰ জুতি লৈছে দাৱনীসকলে।উল্লেখ্য যে অনুকূল বতৰৰ বাবে ঢকুৱাখনাৰ অধিকাংশ পথাৰত ভাল হৈছে ধান। অতি কষ্টৰে কৰা খেতিডৰাত উপযুক্ত ফচল লাভ কৰি উৎফুল্লিত হৈ পৰিছে কৃষক।
প্ৰেৰক: পুলকজ্যোতি বৰা