ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰীৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধিৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰীৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি কৰাৰ কথা আজি ঘোষণা কৰিছে৷ এই বৃদ্ধি ২০২২ বৰ্ষৰ পহিলা জুলাইৰ পৰা কাৰ্যকৰী হ’ব৷ চলিত মাহৰ দৰমহাৰ সৈতে বিষয়া-কৰ্মচাৰীসকলৰ লগতে ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ আৰু পৰিয়াল পেঞ্চন লাভ কৰোতাসকলেও এই বদ্ধিৰ্ত মৰগীয়া বানচ লাভ কৰিব৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৪ শতাংশ মৰগীয়া বানচ বৃদ্ধিয়ে উৎসৱৰ এই সময়ছোৱা অধিক আনন্দময় কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ ৩৪ শতাংশ মৰগীয়া বানচ লাভ কৰি আহিছিল৷ চলিত বৰ্ষৰ পহিলা জুলাইৰ পৰা কাৰ্যকীৰ হ’বলগীয়া এই নতুন নিৰিখমৰ্মে এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলে ৩৮ শতাংশ মৰগীয়া বানচ লাভ কৰিব৷
আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰী তথা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি কৰা হৈছে ৷ ২০২২ বৰ্ষৰ পহিলা জুলাইৰ পৰা এই বৃদ্ধি কাৰ্যকৰী হ’ব আৰু চলিত মাহৰ দৰমহাৰ সৈতে বিষয়া-কৰ্মচাৰীসকলে এই বৃদ্ধি হোৱা মৰগীয়া বানচ লাভ কৰিব৷
— Himanta Biswa Sarma (@himantabiswa) October 23, 2022