অৱশেষত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া বাতৰিৰ শ্মশান যাত্ৰা! বন্ধ হ’ল বাতৰি সম্প্ৰচাৰ
ইতিহাস হল আকাশবাণী ডিব্ৰুগড়ৰ আঞ্চলিক বাতৰি!
নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: অবশেষত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া বাতৰিৰ শ্মশান যাত্ৰা আৰম্ভ হল!বন্ধ হল বাতৰি সম্প্ৰচাৰ!ইতিহাস হল আকাশবাণী ডিব্ৰুগড়ৰ আঞ্চলিক বাতৰি!অৱশেষত নিয়মীয়া বাতৰি সত্যতা প্ৰতিপন্ন হয়।হয়,প্ৰতিদিনে সন্ধ্যা ছয় বজাত প্ৰচাৰ হোৱা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া বাতৰি প্ৰচাৰ ভাৰতীৰ নিৰ্দেশনাত চিৰদিনৰ বাবে বন্ধ হৈ পৰিল।যি বাতৰি নিয়মীয়া বাতৰি কাকতত বহু পূবেই প্ৰকাশ কৰা হৈছিল সেয়া আজি বাস্তৱত সত্যত প্ৰমাণিত হল।দিল্লীৰ প্ৰচাৰ ভাৰতীৰ নং ১৩(২)আৰএনইউ-২১ দিনাংক ২১-১০-২০২২ৰ নিৰ্দেশনা অনুসৰি অহা ২৫ অক্টোবৰৰ পৰা ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ পৰা কোনো বাতৰি বা বাতৰি সৰ্ম্পকীয় বুলেটিন প্ৰচাৰ কৰিব নোৱাৰিব। যদিহে গুৱাহাটী আকাশবাণী কেন্দ্ৰই ইচ্ছা প্ৰকাশ কৰে,তেনেহ’লে গুৱাহাটী কেন্দ্ৰই আগতীয়াকৈ আধাঘণ্টাৰ বাবে দিল্লীৰ পৰা অনুমোদন লব লাগিব। কাজেই ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ বাতৰি প্ৰচাৰ বন্ধ হ’ল।
আনহাতে বুধবাৰৰ নিশা প্ৰচাৰ হোৱা বাতৰি বিভাগৰ পৰিক্ৰমা আৰু ৭-৩০ বজাত প্ৰচাৰিত মিচিং জনগোষ্ঠীয় লোকৰ বাবে বিশেষভাৱে প্ৰচাৰিত কাবুৰ্ংপুলি বাতৰিও বন্ধ হৈছে৷ কাৰণ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বাতৰি বিভাগৰ শ্মশান যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে৷আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাৰে পৰা কেন্দ্ৰটোত প্ৰচাৰ হোৱা আঞ্চলিক বাতৰি জৰিয়তে উপকৃত হৈছিল উজনিৰ লগতে চুবুৰীয়া ৰাজ্য দুখনৰ একাংশ।প্ৰথমতে অৰুণাচল প্ৰদেশৰ দহটা ভাষাৰ বাবে ইংৰাজী মাষ্টাৰ বুলেটিনো তৈয়াৰ কৰি উক্ত ভাষাকেইটালৈ অনুবাদ কৰি প্ৰচাৰ কৰা হৈছিল৷ ১৯৬৯ চনৰ পৰা ১৯৯৬ চনলৈকে বাতৰি বিভাগৰ তৰফৰ পৰা অৰুণাচল প্ৰদেশৰ দহটা ভাষাৰ বাবে বুলেটিন তৈয়াৰ কৰি প্ৰচাৰ কৰা হৈছিল৷ তেতিয়া এই বিভাগটোত এগৰাকী সম্পাদক, এগৰাকী সহ সম্পাদক আৰু সংবাদদাতাৰ লগতে অংশকালীন উপ-সম্পাদকৰ বহুকেইগৰাকীয়ে নিজৰ নিজৰ কৰ্ম সম্পাদন কৰিছিল৷ কিন্তু ১৯৯৭ চনত অৰুণাচল প্ৰদেশৰ ইটানগৰৰ কেন্দ্ৰত বাতৰি বিভাগ স্থাপন হোৱাৰ লগে লগে অৰুণাচলৰ ভাষাসমূহৰ বাতৰি সমূহ উক্ত কেন্দ্ৰলৈ স্থানান্তৰিত কৰা হয়৷ ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দ্ৰ কুমাৰ গুজৰাল ডিব্ৰুগড়লৈ ব্ৰডগজ ৰেলৰ উদ্বোধন কৰিবলৈ আহোতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা অসমীয়া বাতৰি আৰম্ভ হ’ব বুলি ঘোষণা কৰাৰ লগতে সেই বছৰৰে ১৯৯৭ চনৰ ১১ জুন তাৰিখৰ পৰা প্ৰতি সন্ধ্যা ছয় বজাত অসমীয়াত বুলেটিন আজি পৰ্যন্ত প্ৰচাৰ হৈ আছিল৷ কিন্তু বৰ্তমান বাতৰি বিভাগৰ স্থায়ী মুৰব্বী বা সম্পাদক পদৰ লগতে দুটাকৈ সম্পাদক আৰু সংবাদ দাতাৰ পদকেইটা কেন্দ্ৰীয় অনাতাঁৰ আৰু তথ্য প্ৰচাৰ মন্ত্ৰালয়ে আঁতৰাই লৈ যায়৷
পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ৰ পৰা কোনো বাতৰি প্ৰচাৰ এগৰাকী সহকাৰী বাতৰি সঞ্চালক নিযুক্তি প্ৰদান কৰি তেওঁকেই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া বাতৰি বিভাগৰ চোৱা চিতাৰ দায়িত্ব প্ৰদান কৰাৰ লগতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া বাতৰি বিভাগত কৰ্মৰত অংশকালীন সম্পাদক, বাতৰি পৰিৱেশক আৰু ডাটা এণ্ট্ৰি অপাৰেটৰৰ সহযোগত অসমীয়া বাতৰিৰ প্ৰচাৰৰ কাম কাজ চোৱা চিতা কৰি আছিল যদিও শেহতীয়াকৈ এক জাননীৰ জৰিয়তে গুৱাহাটীলৈ বদলি কৰি নিয়ে আৰু তেওঁৰ ঠাইত কোনো ব্যক্তিকেই আজি তাৰিখলৈকে নিযুক্তি নিদিলে৷
মন কৰিবলগীয়া কথা যে বিত্তীয় বিষয়টো জড়িত হৈ থকাৰ বাবেই শীঘ্ৰে অসমীয়া বাতৰিৰ বুলেটিন বন্ধ হোৱাৰ বাবে সিধান্ত গ্ৰহণ কৰা বুলি সৰব চৰ্চা চলিছে৷ উজনি অসমৰ আঠখন জিলাৰ স্থানীয় বা-বাতৰি প্ৰচাৰ কৰা ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা অসমীয়া বাতৰি বুলেটিন অব্যাহত ৰখাৰ বাবে স্থানীয় সচেতন ৰাইজে বিভাগটোৰ সৈতে জড়িত মুৰব্বীসকলৰ লগতে চৰকাৰক অনুৰোধ জনাইছে৷ ঐতিহ্যপূৰ্ণ ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ পৰা অসমীয়া বাতৰি বন্ধ হোৱা সন্দৰ্ভত সৰ্ববৃহৎ জাতীয় সংগঠন অসম সাহিত্য সভাৰ লগতে অনান্য জাতীয় সংগঠন সমূহে কি ব্যৱস্থা বা পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হৈ পৰিছে।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।