হিংসা কৰি কোৱা নাই
‘হিংসা নকৰো৷
কিন্তু…’
কমেণ্ট এটা দিওতে আমি এনেকৈয়ে আৰম্ভ কৰো৷ আত্মপক্ষ সমর্থন কৰি এটা এক্সপ্লেনেচন৷ মানে নিজেও নিশ্চিত নহয় আচলতে হিংসা কৰিছো নে নাই৷ যদি নাই কৰা আনে ভাবিব নালাগে হিংসা কৰিছো বুলি আৰু যদি হিংসা কৰিছো– ধৰা পৰিব নালাগে৷
জেলাচি আৰু এন্ভি৷ হিংসা আৰু ঈর্ষা৷ সাধাৰণতে সমার্থক হিচাপে ব্যৱহাৰ কৰা হয় যদিও দুয়োটা আচলতে দুটা সুকীয়া অনুভৱ৷ দুটা বিবিক্ত ইম’চন৷ খুদীয়া, কিন্তু পার্থক্য আছে৷
জেলাচি হৈছে এটা তিক্ততা, এটা অসদ্ভাৱ৷ যেতিয়া আনৰ এনেকুৱা কিবা এটা থাকে, যিটো নিজৰ নাই, তেতিয়া উঠা ফাই, খং বা ৰাগ৷ এই ‘কিবা’টো মূর্তও হ’ব পাৰে অমূর্তও হ’ব পাৰে৷ এই ‘কিবা’টো সফলতা বা কৃতিত্ব হ’ব পাৰে, ব্যক্তিত্বৰ বিশিষ্টতা হ’ব পাৰে, সামাজিক প্রতিষ্ঠা আৰু প্রতিপত্তি হ’ব পাৰে বা কিবা বিশেষ সম্পর্কও হ’ব পাৰে৷ ই কিবা পার্থিৱ বস্তুও হ’ব পাৰে৷ ই ধন–টকা–পইচা হ’ব পাৰে, সা–সম্পত্তি হ’ব পাৰে৷ আচল কথা হ’ল– বিচৰা বস্তুটো নিজৰ নাই, আনৰ আছে৷
এন্ভিও এটা নকাৰাত্মাক অনুভৱ৷ নিজৰ নথকা অথচ আনৰ থকা পার্থিৱ–পার্থিৱ বস্তু দেখি হোৱা এটা নেতিবাচক অনুভূতি৷ আমি সেই আনজনৰ ঠাই ল’ব বিচাৰোঁ, যাতে সেই বস্তুটো পাব পাৰোঁ৷ এন্ভিৰ ক্ষেত্রত জেলাচিৰ দৰে হিংসুক ভাবটো নাথাকে বা সিমান তীব্র নহয়৷ মনত কিছু ক্ষোভ থাকিলেও আমি কিন্তু সেই আনজনক এডমায়াৰো কৰোঁ৷ তেওঁৰ প্রতি আমাৰ এক প্রীতিমিশ্রিত শ্রদ্ধাভাবো থাকে৷ এটা ক্ষোভ থাকে, কিন্তু সেয়া অসূয়াপূর্ণ নহয়৷ হিংসাতকৈ ঈর্ষাৰ প্রবলতা ইমানেই কম হয় যে ঈর্ষাক প্রশংসা হিচাপেও ব্যৱহাৰ কৰিব পাৰি৷ ইংৰাজীততো কৈয়েই ‘আই এন্ভি ইউ’৷ তোমালৈ ঈর্ষা হয়৷ মনে মনে হিংস্রতা নথকাকৈ গুণগ্রাহিতা থকা কাৰণেই অকপটে এই কথাষাৰ ক’ব পাৰি৷
অৱশ্যে ৰোমাণ্টিক সম্পর্কৰ ক্ষেত্রত যেতিয়া ব্যৱহাৰ হয়, তেতিয়া জেলাচিয়ে চকুৰ পোৰণিৰ লগতে সন্দেহ ভাবটোও সূচায়৷ ৰোমাণ্টিক সম্পর্ক থকাজনে যদি আন কাৰোবাক সময়, মন আৰু গুৰুত্ব দিয়ে, তাত কোনোধৰণৰ ৰোমাণ্টিকতা নালাগে, জেলাচি আহি যায়৷ সেয়া লাগে ৰোমাণ্টিক সংগীৰ মা–দেউতা, ভাই–ভনী, বন্ধু–বান্ধৱ যিয়েই নহওক কিয়?
হিংসা ভাবটো সেই কাৰণেই অতি ইণ্টাৰেষ্টিং৷ য’ত–ত’ত, যেতিয়াই–তেতিয়াই মানুহ হিংসাকুৰীয়া হৈ পৰিব পাৰে৷ কস্মিনকালেও ভাবিব নোৱাৰা সম্পর্কতো হিংসা থাকিব পাৰে৷ হীনমন্যতাৰ পৰা হিংসাৰ জন্ম হয়৷ নিজৰ ভাবমূর্তি যেতিয়া নিজৰ চকুতেই নিম্ন হয়, আত্মমর্যাদাবোধ যেতিয়া কম হয়, হিংসা বাঢ়িবলৈ লয়৷ এই নিগেটিভ অনুভূতিক ক্রমাৎ তীব্র কৰি তোলে, প্রচণ্ড কৰি তোলে আমাৰ অবাস্তৱ আশা, প্রত্যাশা, উচ্চাকাংক্ষাই আমাৰ অলীক সপোন, অভীপ্সা, অভিকাংক্ষাই৷
দম্পতীৰ ক্ষেত্রত, বিবাহিত হওক বা অবিবাহিত হওক, জেলাচি এক ডাঙৰ সমস্যা হৈ পৰিব পাৰে৷ কাৰণ, জেলাচিৰ কাৰণে লাহে লাহে আচাৰ–ব্যৱহাৰ সলনি হ’বলৈ আৰম্ভ কৰে৷ সংগীৰ নিজৰ প্রতি আকর্ষণ কমি আহিছে বুলি মনলৈ অহা ভাব, কোনো কাৰণ–প্রমাণ নোহোৱাকৈ সংগীয়ে মিছা কয় বুলি কৰা কাজিয়া, দিনটো ক’ত কি কৰিলে লোৱা হিচাপ, সংগীৰ ম’বাইল ফোনটো খুঁচৰি চোৱা ইত্যাদি অতি অনিষ্টকৰ আৰু বিপজ্জনক জেলাচ আচৰণ৷
ভাই–ককাই–বাই–ভনীৰ মাজততো জেলাচি থাকেই৷ বিশেষকৈ শিশু অৱস্থাত৷ ঘৰলৈ দ্বিতীয় সন্তান অহাৰ লগে লগেই এই জেলাচি আৰম্ভ হয় আৰু সাধাৰণতে কৈশোৰ অৱস্থালৈকে, পৈণত নোহোৱালৈকে থাকি যায়৷
কিন্তু সাবালকৰ ক্ষেত্রত, প্রাপ্তবয়স্কৰ ক্ষেত্রত, এজন পূর্ণাংগ ব্যক্তিৰ জীৱনত, কর্মক্ষেত্রত, সামাজিক সম্পর্কত জেলাচি আনএভইডেবল৷ ভিক্টিম হিচাপেও, হিংসাকুৰীয়া হিচাপেও (যদিও আমি স্বীকাৰ নকৰোঁ)৷
পঢ়া দিনৰ পৰাই এই কেমিষ্ট্রী আৰম্ভ হয়৷ কাৰণ বিভিন্ন হ’ব পাৰে৷ কোনোবা পঢ়াত অতি চোকা, কোনোবা দেখনিয়াৰ, কাৰোবাৰ প্রতি বিপৰীত লিংগ অধিক আকর্ষিত হয়, কোনোবা বন্ধু–বান্ধৱৰ মাজত অতি জনপ্রিয়, কোনোবাই ভাল গান গায়, সুন্দৰ অভিনয় কৰে, ভাল খেলে ইত্যাদি৷ ইয়াৰে যিকোনো এটাই জেলাচিৰ বাবে যথেষ্ট৷ অনেকৰে এই ভাবটো ওৰেতো জীৱন থাকি যায়৷ তেওঁলোকে বহুত কষ্ট পায়৷ গোটেই জীৱনটো তেওঁলোক এটা নিগেটিভিটিত থাকিবলগা হয়৷ তদুপৰি তেওঁলোকে যাক হিংসা কৰে, তেওঁৰ লগতো সহজ হ’ব নোৱাৰা হয়৷ অর্থাৎ এনে লোকসকলৰ ব্যক্তিগত আৰু সামাজিক জীৱন দুয়োটাই অশান্তিকৰ হৈ পৰে৷ অৱশ্যে বহুতৰে সময়ৰ লগে লগে বয়স বঢ়াৰ লগে লগে হিংসা ভাবটো কমি যায়৷ হয় তেওঁলোকে যি বস্তুৰ কাৰণে সহপাঠী বা বন্ধুক হিংসা কৰিছিল, সেয়া কম–বেছি পৰিমাণে নিজেও পাবলৈ সক্ষম হয়, নহয় এওঁলোকে নিজৰ আৱেগ–নুভূতিক নিয়ন্ত্রণ কৰিবলৈ শিকি লয়৷ যেনেকৈয়ে নহওক কিয়, হিংসা ভাবটো কমি যোৱাৰ লগে লগে এওঁলোকৰ মানসিক যন্ত্রণা কমি যায়৷
প্রাপ্তবয়স্কসকলৰ্ বাবে এটা ডাঙৰ ইছ্যু হ’ল কর্মক্ষেত্রত থকা জেলাচি৷ জেলাচি এটা অত্যন্ত ধ্বংসাত্মক আৱেগ৷ কর্মক্ষেত্রত ই ধুমুহাৰ সৃষ্টি কৰিব পাৰে, প্রলয় আনিব পাৰে৷ পক্ষপাতমূলক আচৰণ হৈছে বুলি বা অযুক্তিসংগত অগ্রাধিকাৰ পাইছে বুলি হোৱা সন্দেহৰ পৰাই কর্মক্ষেত্রত জেলাচিৰ উদ্ভৱ হয়৷ ‘তেওঁতো লাকী মানুহ ভাই’৷ ‘আন দহটা মানুহেও সেইটো কৰিব পাৰে, কিনো ডাঙৰ কামটো কৰিলে’৷ এনেধৰণৰ মন্তব্যৰ লুকাই থকা অর্থটো হ’ল আমি জেলাচ হৈছোঁ৷ ইয়াৰ নেট ৰিজাল্ট– আমাৰ মানসিক শান্তি নাইকিয়া হ’ল, যাৰ বাবে আমাৰ নিজৰ কাম আৰু পার্ফমেন্সো বেয়া হৈ যায়৷ আনৰ লগত নিজক তুলনা কৰি চোৱাৰ প্রৱণতা আমাৰ সকলোৰে আছে৷ এই তুলনা কিন্তু বাস্তৱ জীৱনত হিংসাৰ কাৰণ হৈ পৰিব পাৰে৷ আমি আনৰ ভাল হ’লে সুখী, আন সফল হ’লে আনন্দিত হ’ব নোৱাৰা হৈ পৰিব পাৰোঁ৷ আমি লাহে লাহে পৰচর্চা–পৰনিন্দাত্ লাগি যাওঁ আৰু এটা সম্পূর্ণ নেতিবাচক পৰিৱেশত সোমাই পৰোঁ৷ এটা সম্পূর্ণ নিগেটিভ কালচাৰ৷ আনৰ হওক, নিজৰো হওক, জেলাচিয়ে এখন সুখৰ কর্মক্ষেত্রক নৰকত পৰিণত কৰিব পাৰে৷ আমাৰ কর্মজীৱনক জ্বালাময় কৰি তুলিব পাৰে৷ তাৰ অর্থ হ’ল আমাৰ ব্যক্তিগত সময়খিনিও বিষময় হৈ পৰে৷
আমি ধৰি লওঁ যে আনৰ অৱস্থা আমাতকৈ ভাল, আনৰ যি আছে আমাৰ নাই৷ তেওঁলোকৰ প্রতি আমাৰ এক বিকর্ষণ আৰম্ভ হয়৷ তেওঁলোক আৰু আমাৰ মাজত আমি এখন অদৃশ্য দেৱাল গঢ়ি তোলোঁ৷ ‘মোৰ নিজৰ একো নাই৷ মোৰ একো নহ’ল৷ মোৰ একো নহ’ব’৷ এই ভাবটোত আমি ডুবি যাওঁ৷ আমি নিজৰ থকাখিনিও নেদেখা হৈ পৰোঁ৷ ভগৱানে আমাক যিখিনি দিছে, সেইখিনিৰ কাৰণেও আমি ধন্য অনুভৱ নকৰোঁ, কৃতজ্ঞবোধ নকৰোঁ৷ আমি মাত্র এটা চকুৰেহে দেখা হৈ যাওঁ– আনৰখিনি, আনটো চকুৰে নেদেখা হৈ যাওঁ– নিজৰখিনি৷ ফলশ্রুতি– জেলাচিতকৈ অধিক দ্রুতগতিত আন একোৱেই সম্পর্ক ধ্বংস কৰিব নোৱাৰে৷
কাৰণ– অবিশ্বাস নামৰ প্রজনন ক্ষেত্রখনৰ পৰা জেলাচিৰ জন্ম হয়৷ অবিশ্বাস সংগীৰ ওপৰত, অবিশ্বাস বন্ধু–বান্ধৱৰ ওপৰত, অবিশ্বাস নিজৰ ওপৰত, অবিশ্বাস জীৱন প্রক্রিয়াৰ ওপৰত৷ অবিশ্বাসে আমাৰ মনত নিৰাপত্তাহীনতাৰ সৃষ্টি কৰে, নিৰাপত্তাহীনতাই জেলাচিৰ সৃষ্টি কৰে৷ এটা ভিচিয়াছ চার্কল৷ এটা দুষ্টচক্র৷
কেতিয়াবা ক’ৰবাত অলপ–চৰপ হিংসা, অলপ–চৰপ ঈর্ষা হোৱাটো একো অস্বাভাৱিক নহয়৷ কিন্তু এই ভাব যিমানেই প্রবল হৈ উঠে, সিমানেই অনিষ্টকাৰী৷ ই কেৱল মানসিক চাপ সৃষ্টি কৰাই নহয়, ডিপ্রেচন আনি দিব পাৰে৷ ৰোমাণ্টিক জেলাচি বাৰু এক সচৰাচৰ জেলাচি৷ ভালপোৱাজনে আনক বেছি গুৰুত্ব দিছে বুলি হোৱা এটা শংকা৷ কিন্তু পেথ’ল’জিকেল বা ৰোগগত জেলাচি এটা মানসিক ব্যাধি৷ এইটো এটা অব্চেচিভ কম্পাল্চিভ ডিজর্ডাৰ৷ মানুহৰ মনত যেতিয়া প্রেম ভাব উদয় হৈছিল, তেতিয়াই হিংসা ভাবো জাগিছিল৷ যেতিয়ালৈকে প্রেম থাকিব, তেতিয়ালৈকে হিংসাও থাকিব৷
তেনেহ’লে আমি এই নিগেটিভিটিৰ পৰা কেনেকৈ বাচো? মনত যদি অলপ হিংসা হিংসা লাগিছে দুটামান দীঘলীয়া উশাহ লওঁ আহক৷ আৰু ভাবোঁ– কিয় এই ভাব আহিছে কিহে মনটোক দিগদাৰী কৰিছে? তুলনা কৰাৰ সময়ত আমি কেতিয়াবা সম্পূর্ণ ছবিখন মনলৈ নানোৱেই৷ আনজনৰ এক আংশিক ৰূপৰ লগত তুলনা কৰিয়েই আমি বঞ্চিত অনুভৱ কৰি থাকোঁ৷ নিজকে অযাচিতভাৱে হেয় জ্ঞান কৰা উচিত নহয়৷ অলপ সময় লাগে, কিন্তু সময়ৰ লগত এই ভাব নোহোৱা হৈ আহে৷ কিবা এটা হোৱাৰ আগতেহে মানুহে জেলাচ অনুভৱ কৰে৷ হৈ যোৱাৰ পিছত ক্রমাৎ সহজ হৈ পৰে আৰু পাহৰি যায়৷
কিন্তু, তোমাক যদি আনে হিংসা কৰে কি কৰিবা? হিংসাকুৰীয়া মানুহখিনিক হেনো বেয়া পাব নালাগে৷ কাৰণ তেওঁলোকেহে মনত পেলাই দিয়ে যে তুমি শ্রেয়৷ আৰু তেওঁলোকতো যথোচিত স্থানতেই আছে– তোমাৰ পিছফালে৷ মানুহে তোমাক হিংসা কৰিছে, ঈর্ষা কৰিছে তাৰ মানেই হ’ল তোমাৰ দাম আছে, মূল্য আছে৷ যিমানেই ডাঙৰ মানুহে হিংসা কৰে, তোমাৰ মূল্য সিমানেই বেছি৷ যিদিনা ৰজা–মহাৰজাই হিংসা কৰিব, বুজিবা– তুমি সফলতাৰ চৰম শিখৰত৷