জলপ্ৰলয়ৰ আশংকাঃ নেৰানেপেৰা বৰষুণৰ বাবে খুলি দিয়া হৈছে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ ৪খনকৈ গেট
- বৈঠালাংছʼত বানপানীৰ কবলত নৈপৰীয়া ৰাইজ
- কাৰ্বি লাংপি নদীৰ দাঁতি-কাষৰীয়া ১০খনকৈ গাওঁ জলমগ্ন
উল্লেখযোগ্য যে, কাৰ্বি লাংপী নদীৰ বাঢ়নী পানীয়ে থাৰৱে আৱি, ইংহিনলাংছʼ , বৰছালি, আমডুবি, সংক্ৰাম, খাৰুপিন্ধা আদি গাঁৱৰ বহু কেইটা পৰিয়ালৰ বাসগৃহ বাঢ়নী পানীৰ কবলত পৰে । ইফালে বৈঠালাংছʼত আজি সাপ্তাহিক মঙ্গলবৰীয়া বজাৰ আছিল যদিও বাঢ়নী পানীয়ে বহু কেইটা বজাৰ গৃহ বুৰাই পেলোৱাৰ ফলত ৰাইজে বজাৰ কৰাৰ পৰা বঞ্চিত হ’ব লগীয়া হয় । আনহাতে পাহাৰীয়া অঞ্চলত বাতৰি লিখা পৰলৈকে নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ ফলত কাৰ্বি লাংপি নদীৰ জলপৃষ্ঠ পুনৰ বৃদ্ধি হোৱাৰ আশংকাই দেখা দিছে ।