নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্থিতিত উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা বৈঠক

বিশেষ বাৰ্তা, ২৭ অক্টোবৰ : তিনিচুকীয়াৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পিছতে প্ৰথমবাৰৰ বাবে আজি তিনিচুকীয়াত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। তিনিচুকীয়াত উপস্থিতি হৈ তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ সৈত বিভাগীয় উন্নয়নমূলক কাম-কাজৰ ওপৰত এখন পৰ্য্যালোচনা বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকীয়ে। বৈঠকত অভিভাৱক মন্ত্ৰীগৰাকীয়ে জিলাখনত চলি থকা বিভিন্ন  উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত বুজ লোৱাৰ লগতে আধৰুৱা হৈ থকা কাম-কাজসমূহ সম্পূৰ্ণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰাৰ লগতে অভিভাৱক মন্ত্ৰী দাসে কয় যে ২০১৪ চনৰ পূৰ্বৰ উন্নয়ন যদি চাওঁ এতিয়া তিনিচুকীয়াৰ বহু উন্নয়ন হৈছে, মই উন্নয়নৰ খতিয়ান লৈ সন্তুষ্ট হৈছোঁ ৷ তিনিচুকীয়া পৌৰসভাৰ কথাই যদি কওঁ যি সুন্দৰ ব্যৱস্থাৰ জৰিয়তে পৰিস্কাৰ, পৰিচ্ছন্নতাৰ জৰিয়তে মাহে ৫-৬ টকাৰ কৰ সংগ্ৰহ হৈছে সেই ব্যৱস্থা অন্য ঠাইত দেখা নাই, গতিকে খুব ক’ম সময়ৰ ভিতৰতে যে তিনিচকীয়াখন উন্নয়নত এক স্থান ল’ব পাৰিব সেয়া নিশ্চিত বুলি ক’ব পাৰি৷ ইফালে, অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো আঁচনিৰ সঠিকভাৱে ৰূপায়ণ কৰি যাতে স্থানীয় লোকসকলক সংস্থাপন কৰিব পাৰোঁ তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব ৷ আজিৰ পৰ্য্যালোচনা সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী সঞ্জয় কিষাণ, শদিয়াৰ বিধায়ক বলীন চেতিয়া, ডিগবৈৰ বিধায়ক সুৰেন ফুকন, তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰ, তিনিচুকীয়া জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী, জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ কৈৰী, জিলা পৰিবহণ বিষয়া ৰাজীৱ পেগুকে প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।
প্ৰেৰক বিবেক বড়া
You might also like