নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত উদয়ন সংঘৰ সোণালী জয়ন্তীৰ শুভাৰম্ভ : কাইলৈ ছলমান আলীৰ সংগীতানুষ্ঠান

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰঃ বজালীৰ সামাজিক, সাংস্কৃতিক, স্বেচ্ছাসেৱী অনুষ্ঠান উদয়ন সংঘ, পাঠশালাৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি আৰু সমন্বয়ৰ অনুষ্ঠান উদয়ন সন্ধিয়া ২০২২ কালিৰে পৰা তিনিনিনীয়া কাৰ্যসূচীৰে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হৈছে। কাৰ্যসূচীৰ প্ৰথম দিনা পুৱা উদয়ন সংঘৰ সভাপতি ৰুবুল কুমাৰ শৰ্মাই সংঘৰ পতাকা উত্তোলন কৰাৰ পিছতে সোণালী জয়ন্তীৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ড° ৰণজিৎ ডেকাই। ইয়াৰ পিছত বৃহত্তৰ বজালী অঞ্চলৰ ৫০ বিশিষ্ট ব্যক্তিয়ে ৫০খন পতাকা উত্তোলন কৰে। পতাকা উত্তোলনস্থলীতে মন্ত্রী ৰঞ্জিত দাসক সম্বর্ধনা জনোৱা হয়। ইয়াৰ লগে লগে সংঘৰ ন-পুৰণি সতীৰ্থৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰে পূৰৱী শৰ্মা, মীনা কাকতি, স্মৃতা বৰ্মন তালুকদাৰ, মঞ্জু বড়া শর্মাই। স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক বিজন বায়ন, প্রাক্তন ছাত্র নেতা অৰূপজ্যোতি দাসে। অনুষ্ঠানত যুৱ ব্যৱসায়ী স্বপন তালুকদাৰকো সম্বৰ্ধনা জনোৱা হয়। দিনৰ ভাগত বিচিত্ৰ তালুকদাৰ সোঁৱৰণী প্রাইজমানি প্ৰতিযোগিতা মুকলি কৰে সমাজকৰ্মী নিপুল পাটগিৰিয়ে। বিয়লি উদ্ৰকান্ত ৰাণা চৌধুৰী সোঁৱৰণী প্ৰাইজমানি তৰ্ক প্ৰতিযোগিতা উদ্বোধন কৰে পাঠশালা নগৰ সমিতিৰ প্ৰাক্তন অধ্যক্ষা মিনি কলিতাই। সন্ধিয়া মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° গোপেশ শর্মাই কন্দৰ্প কুমাৰ সোঁৱৰণী মঞ্চ আৰু অসম উন্নতি সভাৰ কাৰ্যনিৰ্বাহক সদস্য সমুদ্র পাটগিৰিয়ে হৰমোহন পাটগিৰি সোঁৱৰণী প্ৰাইজমানি একক নৃত্য প্রতিযোগিতা উদ্বোধন কৰে। ইপিনে ২৮ অক্টোবৰৰ সামৰণিৰ দিনা বিয়লি মুকলি সভা, সম্বর্ধনা, মুখপাত্র উন্মোচন আৰু উদয়ন বঁটা ২০২২ প্ৰদান কৰা হ’ব। উদয়ন সংঘৰ সভাপতি ৰুবুল কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া সভাত প্রশাসনিক বিষয়া হেমেন দাসক উদয়ন বঁটা ২০২২ প্ৰদান কৰা হ’ব। সন্ধিয়া প্রশান্ত কুমাৰ শৰ্মা সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াত বলিউডৰ নেপথ্য কণ্ঠশিল্পী ছলমান আলীৰ লগতে বহুকেইগৰাকী শিল্পীয়ে সংগীত পৰিবেশন কৰিব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like