নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিও স্মৰণীয় আফ্রিকাৰ ‘ৰে’লকর্মী’ বেবুন জেকৰ কাহিনী

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ: কেতিয়াবা পশুও মানুহৰ বাবে হৈ পৰে পৰম বন্ধু৷আনকি এই পশুৱে মানুহৰ সকলো দায়িত্ব পালন কৰাৰ উপৰি গৰাকীৰ আলপৈচান ধৰিবলৈ লয়৷ শেহতীয়াকৈ পুনৰ সংবাদ মাধ্যমৰ চর্চালৈ আহিছে ১৮৮০ চনৰ দক্ষিণ আফ্রিকাৰ এটা ঘটনা৷ দক্ষিণ আফ্রিকাৰ বজাৰৰ পৰা তেতিয়াৰ ৰে’ল ষ্টেচনৰ ছিগনেলমেনৰ কাম কৰা জেমছ এডুইনে কিনি আনিছিল এটা বেবুন৷ পৰৱর্তী সময়ত জেমছৰ দুয়োখন ভৰি অকামিলা হোৱাৰ বাবে বেবুনটো হৈ পৰে তেওঁৰ অন্যতম সহায়কাৰী৷ জেমছৰ সকলো কাম–কাজ কৰাৰ উপৰি ঠেলাগাড়ীৰে তেওঁক বেবুনটোৱে সদায় ষ্টেচনলৈ লৈ আহিছিল৷ বেবুনটোৰ নাম ৰখা হৈছিল জেক৷ জেকৰ প্রভুভক্তি ইমানেই বেছি আছিল যে জেমছক ঘৰত প্রতিটো কামতেই সহায় কৰি দিছিল৷ সর্বক্ষণৰ সংগী জেকৰ বাবে জেমছৰ জীৱন স্বাভাৱিক হৈ আহে৷ আনকি ৰে’লৰ ছিগনেল দিয়াৰ পদ্ধতিও শিকি লয় জেকে৷ গতিকে, পৰৱর্তী সময়ত ছিগনেলমেনৰ কাম কৰিবলৈ লয় বেবুন জেকে৷ জেমছৰ নির্দেশ মতে কাম কৰি জেক পৰৱর্তী সময়ত ৰে’ল বিভাগৰ নজৰলৈ আহে৷ এনেদৰে আচৰিত যেন লাগিলেও জেকে ৰে’ল বিভাগৰ চাকৰিও লাভ কৰিবলৈ সক্ষম হয়৷ প্রতিদিনে ২০ ছেণ্টকৈ বেতন দিয়া হৈছিল জেকক৷ লক্ষণীয় যে মানুহ মাত্রৰে ভুল হয়, কিন্তু সুদীর্ঘ ৯ বছৰ ধৰি ৰে’লৰ ছিগনেলমেনৰ দায়িত্বত থকা জেকে এবাৰলৈও কর্মক্ষেত্রত ভুল কৰা নাছিল৷ দুর্ভাগ্যবশতঃ যক্ষ্মা ৰোগত আক্রান্ত হৈ মৃত্যু হৈছিল এই অসাধাৰণ বেবুনটোৰ৷

You might also like