চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ শেষ নিশ্বাস ত্যাগ
নিয়মীয়া বাৰ্তা, ২৮অক্টোবৰঃ বার্ধক্যজনিত অসুস্থতাত ভুগি চিকিৎসাধীন হৈ থকা বিশিষ্ট চিত্রশিল্পী নীলপৱন বৰুৱাই আজি শেষ নিশ্বাস ত্যাগ কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা শিল্পীগৰাকীয়ে আজি বিয়লি ৩.১৫ বজাত ইহলীলা সম্বৰণ কৰে।
উল্লেখ্য যে ২২ ছেপ্তেম্বৰৰ পৰা গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল নীলপৱন বৰুৱা।
ইপিনে চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই টুইটাৰযোগে লিখিছে- “যশস্বী চিত্ৰশিল্পী, অসম সৌৰভ বঁটাপ্ৰাপক শ্ৰীযুত নীলপৱন বৰুৱাদেৱৰ বিয়োগত শোকাহত হৈছোঁ ৷ কলাৰ নিৰলস সাধনাৰে বিগত কেইবা দশক ধৰি তেখেতে অকল ৰাজ্যৰ চিত্ৰশিল্পৰ জগতখনকেই নহয়, সামগ্ৰিকভাৱে কলাৰ ক্ষেত্ৰখনকে সমৃদ্ধ কৰি আহিছিল ৷ বৰুৱাদেৱৰ প্ৰয়াণত ৰাজ্যখনে এগৰাকী কলাৰ একনিষ্ঠ সাধক তথা এগৰাকী বৰেণ্য ব্যক্তিত্বক হেৰুৱালে ৷ তেখেতৰ বিয়োগ এক অপূৰণীয় ক্ষতি ৷ এই দুখৰ মুহূৰ্তত মই বৰেণ্য শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷”
যশস্বী চিত্ৰশিল্পী, অসম সৌৰভ বঁটাপ্ৰাপক শ্ৰীযুত নীলপৱন বৰুৱাদেৱৰ বিয়োগত শোকাহত হৈছোঁ ৷ কলাৰ নিৰলস সাধনাৰে বিগত কেইবা দশক ধৰি তেখেতে অকল ৰাজ্যৰ চিত্ৰশিল্পৰ জগতখনকেই নহয়, সামগ্ৰিকভাৱে কলাৰ ক্ষেত্ৰখনকে সমৃদ্ধ কৰি আহিছিল৷ pic.twitter.com/2OkP3MsrMX
— Himanta Biswa Sarma (@himantabiswa) October 28, 2022