নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ত কালি ৰাজভাষা উৎসৱ-২০২২ৰ পুৰস্কাৰ বিতৰণী আৰু সামৰণী অনুষ্ঠান অনুষ্ঠিত হৈ যায় । অইলৰ আৱাসিক মুখ্য বিষয়া প্ৰশান্ত বৰকাকতিৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে আঞ্চলিক ৰূপায়ণ কাৰ্যালয় (উত্তৰ-পূৰ্বাঞ্চল) ৰাজভাষা বিভাগ, গৃহ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ উপ সঞ্চালক (ৰূপায়ণ) বদ্ৰী যাদৱ উপস্থিত থাকে। ইয়াৰ উপৰি অইলৰ মুখ্য মহা প্ৰবন্ধক (প্ৰশাসন) অৰুণজ্যোতি বৰুৱা, মহাপ্ৰবন্ধক (জন সম্পৰ্ক) দেৱাশীষ বৰা, অইল আৰু নৰাকাস দুলীয়াজানৰ সদস্য কাৰ্যালয়ৰ প্ৰতিনিধি আৰু অইলৰ অন্যান্য বিষয়া/কৰ্মচাৰীসকলো উপস্থিত থাকে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা আঞ্চলিক ৰূপায়ণ কাৰ্যালয় (উত্তৰ-পূৰ্বাঞ্চল), ৰাজভাষা বিভাগ, ভাৰত চৰকাৰ, গুৱাহাটীৰ উপ-সঞ্চালক (ৰূপায়ণ) বদ্ৰী যাদৱে তেওঁৰ ভাষণৰ জৰিয়তে অইল ইণ্ডিয়া লিমিটেডে ৰাজভাষা ৰূপায়ণৰ দিশত কৰি থকা কামৰ প্ৰশংসা কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে, “ভাষা হৈছে একমাত্ৰ মাধ্যম যাৰ জৰিয়তে আমি আমাৰ চিন্তাধাৰা সহজে প্ৰকাশ কৰিব পাৰো। বৰ্তমান সমগ্ৰ বিশ্বতে হিন্দী ভাষা ব্যৱহৃত হৈছে । হিন্দী ভাষাই লাহে লাহে সমগ্ৰ বিশ্বতে নিজৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে।” ইয়াৰ উপৰি ৰাজভাষা বিভাগে জাৰি কৰা বিভিন্ন নিৰ্দেশনাৱলীসমূহৰ বিষয়েও তেখেতে উপস্থিত সকলোকে অৱগত কৰে। অইলৰ আৱাসিক মুখ্য বিষয়া প্ৰশান্ত বৰকাকতিয়ে তেওঁৰ বক্তব্যত কয় যে, আমি সকলোৱে ভাষা শিকিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা উচিত। য’তেই সুবিধা পোৱা যায় তাতেই মাতৃভাষাৰ বাহিৰেও আন ভাষা শিকিবলৈ চেষ্টা কৰা উচিত। লগতে তেওঁ কয় যে, আমি সংঘৰ চৰকাৰী ভাষা হিন্দীক লৈ গৌৰৱ কৰিব লাগে আৰু আমাৰ চৰকাৰী কাম-কাজ যিমান পাৰি হিন্দীত কৰিবলৈ চেষ্টা কৰিব লাগে। তেওঁ কাৰ্যালয়সমূহত বাৰ্ষিক লক্ষ্য পূৰণৰ বাবে চৰকাৰী ভাষা হিচাপে হিন্দী প্ৰয়োগৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰে আৰু আনকো হিন্দী ভাষাত কাম কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনায়। অইলৰ ৰাজভাষা বিষয়া দিগন্ত ডেকাই অনুষ্ঠানত উপস্থিত অতিথিসকলক আদৰণি জনোৱাৰ লগতে ৰাজভাষা হিন্দীৰ প্ৰগতিশীল ব্যৱহাৰৰ ক্ষেত্ৰত অইলে কৰি থকা কামৰ বিতং তথ্য প্ৰদান কৰে। ইফালে ৰাজভাষা উৎসৱ-২০২২ৰ সময়চোৱাত আয়োজিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী অংশগ্ৰহণকাৰীসকলক মানপত্ৰ প্ৰদান কৰা হয়। ইয়াৰ লগতে অইলৰ সন্মানীয় আন্তঃক্ষেত্ৰীয় ৰাজভাষা শ্বীল্ড আৰু আন্তঃবিভাগীয় ৰাজভাষা শ্বীল্ড প্ৰতিযোগিতাৰ বিজয়ী কাৰ্যালয় তথা বিভাগসমূহক ৰাজভাষা শ্বীল্ড আৰু প্ৰশস্তি পত্ৰৰ দ্বাৰা সন্মানিত কৰা হয়। ইয়াৰ উপৰি নৰাকাস দুলীয়াজানৰ বিজয়ী সদস্য কাৰ্যালয়সমূহকো অইল নৰাকাস ৰাজভাষা শ্বীল্ড আৰু প্ৰশস্তি-পত্ৰ প্ৰদান কৰা হয়। অইলৰ মহাপ্ৰৱন্ধক (জন সম্পৰ্ক) দেৱাশীষ বৰাই অনুষ্ঠানৰ শেষত শলাগ জ্ঞাপন কৰে।
প্ৰেৰক কৃষ্ণা গগৈ