নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১ ডিচেম্বৰত ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ লখিমপুৰৰ ঢকুৱাখনা মহকুমাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমুহৰ ভিতৰত অন্যতম ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহখন ১১ ডিচেম্বৰত দিনজোৰাকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্থাৰ লগতে মহাবিদ্যালয়ৰ পৰিয়ালে ৷ এই লৈ আজি ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত ঢকুৱাখনা মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্থাৰ মুখ্য উপদেষ্টা তথা ঢকুৱাখনা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি অৰিন্দম বৰুৱাৰ সভাপতিত্ত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত ১১ ডিচেম্বৰ দিনটো আনুষ্ঠানিকভাবে ঘোষণা কৰি যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰা হয় ৷ ঢকুৱাখনা মহাবিদ্যালয়ৰ অধক্ষ্য যোগানন্দ সুতৰ লগতে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্থাৰ বিষয়ববীয়াসকলৰ উপস্থিতিত অনুস্থিত সভাখনত এখন মুখপত্ৰ প্ৰকাশ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে মহাবিদ্যালয়ৰ সন্মুখত পকী বেৰ নিৰ্মাণ কৰাকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ অকুণ্ঠ সহায় সহযোগিতাৰ কামনা কৰিছে ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্থাৰ সভাপতি চিত্ৰ কুমাৰ কোচ আৰু সম্পাদক হেমন্ত কুমাৰ বৰুৱাৰ লগতে মহাবিদ্যালয়ৰ পৰিয়ালে।

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like