নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ : নিৰ্বাচনী ইস্তাহাৰ অনুসৰি বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে অন্যান্য জিলাসমুহৰ লগতে চিৰাং জিলাতো দ্বিতীয় পৰ্যায়ৰ ‘অসম মাইক্ৰ’ফাইনেন্স উদ্গনি আৰু সকাঁহ আঁচনি-২০২১’ৰ অধীনত হিতাধিকাৰীৰ মাজত চেক্ বিতৰণ কৰে। জিলাৰ সদৰ কাজলগাঁওস্থিত পেৰেড গ্ৰাউণ্ডত জিলা প্ৰশাসনৰ উদ্যোগত তথা অসম চৰকাৰৰ বিত্ত বিভাগৰ সহযোগত আয়োজিত ‘অসম মাইক্ৰ’ফাইনেন্স উদ্গনি আৰু সকাঁহ আঁচনি-২০২১’ ৰ দ্বিতীয় পৰ্যায়ৰ চেক্ প্ৰদান অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম মুখ্য অতিথি হিচাপে উপস্থিত থাকে। দ্বিতীয় পৰ্যায়ত জিলাৰ ৯৬৩ মহিলা হিতাধিকাৰীৰ মাজৰে ৫০০ হিতাধিকাৰীক আজি আনুষ্ঠানিকভাবে চেক্ প্ৰদান কৰা হয়। এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে উপস্থিত হৈ চেক বিতৰণ অনুষ্ঠানত মন্ত্ৰী ইউ জি ব্ৰহ্মক সহযোগিতা আগবঢ়ায়। বহুসংখ্যক লোক আৰু হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰা চেক বিতৰণ অনুষ্ঠানত চিৰাঙৰ উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীসহ অন্যান্য বিষয়ববীয়া সকলো অনুষ্ঠানত উপস্থিত থাকে।।
প্ৰেৰক বিপুল কুমাৰ দাস