নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমা সমস্যা সম্পৰ্কত অৰুণাচলৰ মুখ্যমন্ত্ৰীৰে অসম চৰকাৰৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক

বিশেষ বাৰ্তা, ৩১ অক্টোবৰ : দীৰ্ঘদিনীয়া অসম-অৰুণাচল প্ৰদেশ সীমা সমস্যা সম্পৰ্কত আজি ইটানগৰত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডূৰ সৈতে অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী আৰু উচ্চ পৰ্যায়ৰ বিষয়াৰ এটি দল এখন বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শক্ৰমে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, শ্রমিক কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ, ক্ৰীড়া মন্ত্ৰী বিমল বড়া আৰু বিধায়কদ্বয় ক্ৰমে ৰঞ্জিত দত্ত আৰু বলিন চেতিয়া, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত ডি ডি ত্ৰিপাঠী, সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকল আৰু অন্যান্য জ্যেষ্ঠ বিষয়াকে ধৰি অসম চৰকাৰৰ মুঠ ২৫জনীয়া এটি দলে এই বৈঠকত অংশ গ্ৰহণ কৰে। আনহাতে অৰুণাচল প্ৰদেশৰ হৈ বিভিন্ন বিভাগৰ মন্ত্ৰীসকল ক্ৰমে হনচুন নাংডাম, কামলাং ম’চাং, বেমাং ফেলিক্স.-মালো লিবাং, টুমকে বাগ্রাম টাবা টাডিৰ আৰু টাগে টাকিৰ লগতে অৰুণাচলৰ প্ৰদেশৰ মুখ্য সচিব আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকলৰ ২৪ জনীয়া এটি দলে এই বৈঠকত অংশ গ্ৰহণ কৰে। উল্লেখযোগ্য যে, ঐতিহাসিক নামচাই ঘোষণা পত্ৰৰ আধাৰত দুয়োখন ৰাজ্যৰ বিবদমান অঞ্চলসমূহ যূটীয়াভাবে পৰিদৰ্শনৰ বাবে দুয়োখন ৰাজ্যই ১২খনকৈ আঞ্চলিক সমিতি গঠন কৰিছিল। এই সমিতিসমূহে বিবদমান অঞ্চলসমূহ পৰিদৰ্শন কৰি লাভ কৰা তথ্যৰ আধাৰত ইতিমধ্যে দাখিল কৰা প্ৰতিবেদনসমূহৰ বিভিন্ন দিশ আজিৰ বৈঠকত খৰছি মাৰি আলোচনা কৰা হয়। এই বৈঠকে বিবদমান অঞ্চলসমূহৰ সীমা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বহুখিনি ইতিবাচক দিশ মুকলি কৰা বুলি কোৱা হৈছে। উল্লেখ্য যে, অহা নৱেম্বৰ মাহত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দৃগৰাকীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া বৈঠকত অসম – অৰুণাচল প্ৰদেশ সীমা সমস্যাই স্থায়ী সমাধানৰ ৰূপ ল’ব বুলি আশা কৰা হৈছে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডূৱে এই বৈঠকত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিসমূহে দাখিল কৰা প্ৰতিবেদন আৰু সীমামূৰীয়া জিলাসমূহৰ বিভিন্ন বিষয় আলোচনা কৰা বুলি প্ৰকাশ কৰে। আনহাতে মৃুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সদিচ্ছা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডূৰ একান্ত আগ্ৰহৰ বাবেই অসম-অৰুণাচলৰ সীমামূৰীয়া অঞ্চলসমূহৰ জনসাধাৰণে শীঘ্ৰে সুখবৰ লাভ কৰিব বুলি ৰাজ্যৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই বৈঠকৰ অন্তত সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।

You might also like