নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডলৈ উত্তৰ-পূবৰ শ্ৰেষ্ঠ ৰাজহুৱা খণ্ডৰ “চি এছ আৰ ২০২২” সন্মান আগবঢ়োৱা হৈছে। গুৱাহাটীস্থিত টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্স চৌহদত যোৱা ২৮ অক্টোবৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বটাঁ প্ৰদান কৰা হয়। বটাঁ প্ৰদান কৰে টি আই এছ এছ স্কুল অৱ ছ’চিয়েল চাইন্সেছ এণ্ড হিউমেনিটিজ, চেণ্টাৰ ফৰ লেবাৰ ষ্টাডিজ এণ্ড ছ’চিয়েল প্ৰটেকচনৰ অধ্যক্ষ তথা নৰ্থ ইষ্ট চি এছ আৰ ফ’ৰামৰ সহ-আহ্বায়ক ড০ ৰাজদ্বীপ সিংহই। অইলৰ হৈ এই বঁটা গ্ৰহণ কৰে জন সম্পৰ্ক (চি এছ আৰ) বিভাগৰ জ্যেষ্ঠ প্ৰৱন্ধক নয়না মধু দত্ত আৰু প্ৰৱন্ধক শতাব্দী মহন্তই। অনুষ্ঠানত উপস্থিত থাকে টি আই এছ এছ, গুৱাহাটীৰ উপ সঞ্চালক তথা অধ্যাপিকা কল্পনা সাৰথি, চেণ্টাৰ ফৰ ছ’চিয়েল এণ্ড ডিজিটেল ডেভেলপমেণ্টৰ সঞ্চালক তথা নৰ্থ ইষ্ট চি এছ আৰ ফ’ৰামৰ আহ্বায়ক ড০ চৈয়দ এছ কাজীৰ লগতে টি আই এছ এছ আৰু উত্তৰ-পূৱৰ বিশ্ববিদ্যালয়সমূহৰ শিক্ষাবিদ আৰু চৰকাৰী বিষয়াসকল। উল্লেখযোগ্য যে উত্তৰ-পূবৰ কেইবাটাও কৰ্পৰেট কাৰ্যালয় অ’ এন জি চি, ইণ্ডিগ’, আই চি আই চি আই বেংক, এন ই ডি এফ আই, এন জি অ’ তথা চৰকাৰী সংস্থা আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।
প্ৰেৰক কৃষ্ণা গগৈ