নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালী গ্ৰন্থ উৎসৱৰ সামৰণি : তপোবনৰ সঞ্চালক কুমুদ কলিতাক সৃষ্টি বঁটা প্ৰদান মন্ত্ৰী ৰঞ্জিত দাসৰ

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ সৃষ্টি বঁটা অকল মোক প্ৰদান কৰা হোৱা নাই, এই বঁটা মোৰ সৈতে থকা পিতৃ মাতৃৰ পৰা অবহেলিত তথা তেওঁলোকৰ মৰমৰ পৰা বঞ্চিত বিশেষভবে সক্ষম শিশুৰ বাবেহে৷ এই বঁটা মই লৈ যাম তেওঁলোকলৈ যিসকলে প্ৰতিপল মোৰ বাবে অপেক্ষাৰ কৰি থাকে৷ এই মন্তব্য পাঠশালাৰ বিশেষভাৱে সক্ষম তথা পিতৃ মাতৃৰ দ্বাৰা অবহেলিত শিশু সকলৰ আৱাসিক প্ৰতিষ্ঠান তপোবনৰ সঞ্চালক কুমুদ কলিতাৰ।আজি সৃষ্টি পাঠশালাৰ উদ্যোগত চলি থকা “বজালী গ্ৰন্থ উৎসৱ ২০২২”ৰ সৃষ্টি বঁটা গ্ৰহণ কৰি কলিতাই লগতে কয় যে বিজ্ঞান তথা প্ৰযুক্তিবিদ্যাৰ আগ্ৰাসন যিমান নহলেও গ্ৰন্থৰ মাদকতা, গ্ৰন্থৰ আদৰ কমি যোৱা নাই আৰু নাযায়। পাঠশালাৰ অন্যতম সামাজিক, সাংস্কৃতিক অনুষ্ঠান সৃষ্টিৰ উদ্যোগত অনুষ্ঠিত চতুৰ্থ বজালী গ্ৰন্থ উৎসৱত আজি “সৃষ্টি বঁটা ২০২২” সৃষ্টি, পাঠশালাৰ হৈ তপোবনৰ সঞ্চালক কলিতাক এই বঁটাটো প্ৰদান কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ উল্লেখ্য যে ২৭ অক্টোবৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বজালী গ্ৰন্থ উৎসৱ ২০২২ৰ আজি সামৰণি পৰে৷ পাঠশালা হৰিমন্দিৰ প্ৰাংগণত শিক্ষাবিদ মুৰাৰি মোহন দত্তৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ সভাৰ উদ্দেশ্য বাখ্যা আগবঢ়ায় সৃষ্টিৰ মুখ্য সম্পাদক নিলম দত্তই। সৃষ্টিৰ অন্যতম উদ্যোগতা গৌতম তালুকদাৰে আঁত ধৰা সভাখনত পাঠশালাৰ বিশেষ ভাৱে সক্ষম শিক্ষানুষ্ঠানৰ সঞ্চালক কুমুদ কলিতাক “সৃষ্টি বঁটা-২০২২” প্ৰদান কৰি মন্ত্ৰী দাসে কয় যে কুমুদ কলিতাৰ দৰে এগৰাকী ব্যক্তিয়ে যি ধৰণে কাম কৰি আহিছে সেই কামৰ সন্মানাৰ্থে তেওঁক অসম ৰত্ন তথা বজালী ৰত্ন সন্মানেৰে সন্মানিত কৰিব লাগে৷ তেওঁ কুমুদ কলিতাক এগৰাকী প্ৰকৃত মানৱ দৰদী ব্যক্তি বুলি ভাষণত ব্যক্ত কৰি কুমুদ কলিতাৰ পত্নী লুকী পাটগীৰিকো উচ্চভাৱে প্ৰশংসা কৰে৷ আজিৰ এই অনুষ্ঠানত শিক্ষাবিদ মুনিন্দ্ৰ নাৰায়ন গোস্বামী, ড৹ ৰণজিৎ ডেকা, হেমচন্দ্ৰ হালৈ, মনোজ কলিতা, আদিকে ধৰি অনেক গুণমুগ্ধ ব্যক্তি উপস্থিত থাকে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like