বিশেষ বাৰ্তা, ৩ নৱেম্বৰঃ পূজা-উৎসৱে সকলো শ্ৰেণীৰ মানুহৰ মাজলৈকে এক অনাবিল আনন্দ কঢ়িয়াই আনে ৷ লগতে সকলোৰে মাজত এক ভাতৃত্ববোধৰ সমন্বয় সৃষ্টি কৰে ৷ সুখ দুখ পাহৰি পূজা উৎসৱ উপভোগ কৰাত সকলো ব্যস্ত হৈ পৰে৷ এই মন্তব্য প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ অধ্যক্ষা তথা পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাৰ ৷ কামৰূপ জিলাৰ শিঙিমাৰীত ৩০ অক্টোবৰৰ পৰা অনুষ্ঠিত জগদ্ধাত্ৰী পূজাত অংশ লৈ তেওঁ পুনৰ কয় যে আধ্যাত্মিকতাইহে সমাজ জীৱনত শান্তিৰ বাতাবৰণ সৃষ্টি কৰিব পাৰে৷ সকলো ভেদ ভাৱ আতৰাই নিজৰ নিজৰ অঞ্চলত আধ্যাত্মিক পৰিবেশ গঢ়ি তুলি শান্তি প্ৰতিষ্ঠা কৰিব পাৰিলে দেশ ৰাজ্যত উন্নয়ন গঢ়ি তোলাত যথেষ্ট সহায়ক হব৷ ৰাজ্যখনত এক শান্তিময় পৰিবেশ সৃষ্টি কৰাত সকলোৰে সহযোগ আৱশ্যক বুলি তেওঁ দোহাৰে ৷ শিঙিমাৰীত অনুষ্ঠিত জগদ্ধাত্ৰী পূজাই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত এক ভাতৃত্ববোধ জগাই তুলিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ৷ তেওঁ পূজাস্থলীত বন্তি জ্বলাই সেৱা গ্ৰহণ কৰাৰ লগতে পুষ্পাঞ্জলিয়ো অৰ্পণ কৰে ৷ নিশা সাংস্কৃতিক মঞ্চ তেওঁ উদ্বোধন কৰে৷ তেওঁৰ লগত ৰাজ্যিক কিষাণ মৰ্চাৰ উপ সভাপতি ৰঞ্জিত ভট্টাচাৰ্যও উপস্থিত থাকে ৷ উল্লেখ্য যে যোৱা ৩০ অক্টোবৰৰ পৰা অনুষ্ঠিত জগদ্ধাত্ৰী পূজাৰ প্ৰথম দিনা ধৰ্মধ্বজা উত্তোলনৰে কাৰ্যসূচী মুকলি কৰে প্ৰাক্তন গাঁওবুঢ়া হৰেণ বৰ্মনে ৷ সন্ধিয়া বন্তি প্ৰজ্বলন, ওজাপালি, ঢোল বাদন আৰু আয়তীৰ নাম প্ৰসংগ অনুষ্ঠিত হয় ৷ ৩১ অক্টোবৰত অনুষ্ঠিত হয় পানী তোলন, প্ৰতিমা লৈ শোভাযাত্ৰা, ওজাপালি, আৰতি আৰু নাট্যভিনয় ৷ ১ নৱেম্বৰত অনুষ্ঠিত হয় নাম প্ৰসংগ, ওজাপালি আৰু মহিলাৰ নাগাৰা নাম ৷ ২ নৱেম্বৰত মহানৱমী পূজা, হোমাদিকৃত্য, পুষ্পাঞ্জলি অৰ্পণ, সম্বৰ্ধনা অনুষ্ঠান, ওজাপালি, আৰতি আৰু নিশা অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান ৷ আজি পূজাৰ সামৰণি পৰে ৷
প্ৰেৰক দিলীপ মেধি