নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰঃ ধুবুৰী সাহিত্য সভাৰ সৌজন্যত আৰু মিতালী ৰিদমচৰ উদ্যোগত ধুবুৰী সাহিত্য সভা ভৱনত নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ চলি থকা প্ৰয়াত গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পান্ডেৰ গীতৰ কৰ্মশালাৰ আজি সামৰণি পৰে। তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰতিমা বৰুৱা পান্ডেৰ গীতৰ কৰ্মশালাত উদীয়মান গায়িকা পুনম বৰুৱা আৰু বিশিষ্ট শিল্পী বাবলু ৰায়ৰ পৰিচালনাত প্ৰায় শতাধিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, তৰুণ যুবতীক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হয় । স্মৰ্তব্য যে, কৰ্মশালাখনত ২ নৱেম্বৰৰ বিয়লি প্ৰয়াত প্ৰতিমা বৰুৱা পান্ডেৰ প্ৰতিচ্ছবিত মাল্যৰ্পনেৰে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে নন্দা নিয়োগী আৰু ইৰিকা নন্দীয়ে। তদুপৰি অনুষ্ঠানত ভাগ লয় কেইবাজনো স্থানীয় শিল্পী, শিক্ষাবিদ, সমাজসেৱকে। ইয়াৰ পিছতে বিশিষ্ট সাহিত্যিক পাচু গোপাল চক্ৰবৰ্ত্তীয়ে এই গীতৰ কৰ্মশালাখন উদ্বোধন কৰে। সভাত পাচু গোপাল চক্ৰবৰ্ত্তী, নন্দা নিয়োগী, ইৰিকা নন্দী ,পুনম বৰুৱা আৰু ধুবুৰী সাহিত্য সভাৰ সম্পাদক জাকিৰ হুছেইনে লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পান্ডেৰ গীত আৰু কৰ্মশালাৰ ওপৰত আলোকপাত কৰে। উদ্বোধনী অনুষ্ঠানটিৰ আঁত ধৰে অহিদ খান পেৰিচে। উদ্বোধনী অনুষ্ঠানৰ পিছতে পুনম বৰুৱা আৰু বাবলু ৰায়ৰ পৰিচালনাত কৰ্মশালাখনৰ শুভাৰম্ভ হয় আৰু তিনি দিন কৰ্মশালাখন অনুষ্ঠিত হয়। নৱপ্ৰজন্মই যাতে প্ৰতিমা বৰুৱা পান্ডেৰ গীতৰ বিভিন্ন দিশ সম্পৰ্কে অবগত হোৱাৰ লগতে যাতে গীতসমূহ বুজি পায় আৰু পশ্চিমীয়া গীতৰ ধলৰ মাজতো প্ৰতিমা বৰুৱা পান্ডেৰ গীতসমূহ চিৰযুগমীয়া হৈ থাকে তাৰ ওপৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী