নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ গেৰুৱাত সাৰ্বজনীন ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰ : মৰিগাঁৱৰ বিভিন্ন প্ৰান্তত চলিছে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। বিগত বৰ্ষৰ দৰে জিলাখনৰ গেৰুৱা আঞ্চলিক সাৰ্বজনীন ৫৯তম ৰাস মহোৎসৱ পৰিচালনা সমিতিয়ে ৬-৯ নৱেম্বৰত উদযাপন কৰিব ৰাস মহোৎসৱ। কাৰ্যসূচী সফল ৰূপায়নৰ বাবে সাংবাদিক প্ৰণৱ গোস্বামীক সভাপতি, প্ৰদীপ চন্দ্ৰ ডেকাক কাৰ্যকৰী সভাপতি আৰু অঞ্জন ভূঞাক সম্পাদক হিছাবে লৈ এখনি বলিষ্ঠ সমিতি গঠন কৰি দিয়াৰ উপৰি বহুকেইখন উপসমিতি গঠন কৰি দিয়া হৈছে। কাৰ্যসূচী অনুসৰি ৬ নৱেম্বৰত, চাফাই অভিযান, বিভিন্ন গতানুগতিক কাৰ্যসূচী, বন্তি প্ৰজ্বলন, গানিকা পৰিবেশন, নাম প্ৰসঙ্গ আদি, ৭ নৱেম্বৰত গেৰুৱা আঞ্চলিক ৰাস মহোৎসৱৰ সাংস্কৃতিক ক্ষেত্ৰৰ মুল দ্বাৰ উন্মোচন কৰিব মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে। ধ্বজা উত্তোলন কৰিব সভাপতি প্ৰণৱ গোস্বামীয়ে, বৃন্দাবনৰ দ্বাৰ উন্মোচন কৰিব বুদ্ধেশ্বৰী বৰদলৈয়ে, স্মৃতি তৰ্পন কৰিব মনেশ্বৰ ডেকাই। বিয়লি চিৰসেউজ অভিনেতা নিপন গোস্বামী আৰু চিত্ৰ শিল্পী নীলপৱন বৰুৱাৰ স্মৃতিত অনুষ্ঠিত হব লগা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত অংশ গ্ৰহণ কৰি গীত পৰিবেশন কৰিব বন্দিতা বৰুৱা আৰু প্ৰাপ্তি বৰুৱাই। সন্ধ্যা স্থানীয় শিল্পীসকলে মঞ্চস্থ কৰিব শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস লীলা নাট। ৮ নৱেম্বৰতো পুৱা ভাগৰ পৰা গতানুগতিক কাৰ্যসূচী ৰূপায়ণৰ পাছত গঞা দিহা নাম পৰিবেশন কৰিব অঞ্চলৰ বিভিন্ন সমাজে। নিশা স্থানীয় শিল্পীসকলে মৃদুল ডেকা আৰু চন্দন শইকীয়াৰ ব্যৱস্থাপনা আৰু অজিত বৰদলৈৰ পৰিচালনাত পৰিবেশন কৰিব অসমীয়া ভাওনা ‘দ্বাৰকাপতি শ্ৰী কৃষ্ণ’। ৯ নৱেম্বৰত বিশেষ কাৰ্যসূচী হিচাবে আছে বিয়লি দুই বজাত বাক্সা, তামুলপুৰৰ চন্দনা দাসৰ নাগাৰা নামতী দলৰ নাম পৰিবেশন। নিশা বংকুৰ ডেকাৰ ব্যৱস্থাপনাত গেৰুৱা যুৱ নাট্য মঞ্চৰ শিল্পী সকলে মঞ্চস্থ কৰিব প্ৰণৱ গোস্বামীৰ দ্বাৰা ৰচিত সামাজিক নাটক ‘ঈশ্বৰ বন্দী নহয়’। নাটৰ পৰিচালনা নয়ন গোস্বামী আৰু প্ৰণৱ মহন্তৰ। নাটখনি উদ্বোধন কৰিব মৰিগাঁও জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই।

প্ৰেৰক আবুল কালাম

You might also like