নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত সখী একক অৱস্থান কেন্দ্ৰৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰঃ ৰাজ্যৰ মহিলাসকলক সুৰক্ষা আৰু সহযোগিতা প্ৰদানৰ বাবে দায়বদ্ধ সখী একক কেন্দ্ৰ এটি আজি বজালী জিলাৰ সদৰ পাঠশালাত আনুষ্ঠানিকভাৱে মুকলি কৰ হয়। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ৰ অধীনত চৌব্বিশ ঘণ্টাই উপলব্ধ 181 মহিলা হেল্পলাইন সেৱাৰ লগত জড়িত সখী একক কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে বজালীৰ কাৰ্যবাহী দণ্ডাধীশ মিথিংগা দৈমাৰীয়ে৷ কেন্দ্ৰটো উদ্বোধন কৰি দৈমাৰীয়ে কয় যে যিসকল মহিলাই ঘৰুৱা হিংসাৰ বলি হৈ অস্তিত্বৰ সংকটত ভোগে তেওলোকক এই কেন্দ্ৰৰ অধীনত মনোবৈজ্ঞানিক আৰু আইনগত পৰামৰ্শ প্ৰদান কৰা হব৷ অনুষ্ঠানত বজালীৰ উপ আৰক্ষী অধীক্ষক ৰশ্মিৰেখা শৰ্মাই বন্তি প্ৰজ্জলন কৰি কয় যে মহিলাসকলে সাংবিধানিক অধিকাৰ পাব লাগিব আৰু তাৰ বাবে মহিলাসকলক সজাগ কৰাৰ আমাৰ সকলোৰে প্ৰয়োজনীয়তা আছে৷ ভাৰপ্ৰাপ্ত সমাজ কল্যাণ বিষয়া কানন তালুকদাৰে উদ্দেশ্য ব্যাখ্যা আৰু আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটো ষ্টুডেণ্টচ ৱেলফেয়াৰ মিচন, তপোবনৰ সঞ্চালক কুমুদ চন্দ্ৰ কলিতাই আঁত ধৰাৰ লগতে সখী সম্পৰ্কে বিশ্লেষণাত্মক বক্তব্য প্ৰদান কৰে৷ ভালে সংখ্যক লোক উপস্থিত থকা অনুস্থানটোত অৱসৰপ্ৰাপ্ত অধ্যক্ষ টিকেন্দ্ৰজিৎ পাটগিৰিয়েও ভাষণ প্ৰদান কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like