নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটাছাৰকুছিত মথাউৰি পুনৰ্নিৰ্মাণ-গৰাখহনীয়া প্ৰতিৰোধৰ কামৰ শুভাৰম্ভ মন্ত্ৰী ৰঞ্জিত দাসৰ

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰঃ প্ৰতি বছৰে বাৰিষা কালত বানে জুৰুলা কৰা পাটাছাৰকুছিৰ বান প্ৰতিৰোধ কৰাৰ স্বাৰ্থত তৎপৰত হৈ পৰিছে সমষ্টিটোৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস৷ বজালীৰ মাজেৰে প্ৰৱাহিত পহুমাৰ আৰু কালদিয়া নৈৰ বাঢ়নী পানীয়ে খহাই নিয়া ছয়টাকৈ মথাউৰিৰ কামৰ তিনিটা অংশৰ পুনঃনিৰ্মাণ কাৰ্যৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে৷ মন্ত্ৰী দাসে আজি নিজে ট্ৰেক্টৰ চলাই সমষ্টিটোৰ অন্তৰ্গত বজালীৰ পহুমৰা আৰু কালদিয়া নৈৰ বাঢ়নী পানীয়ে খহাই নিয়া মথাউৰিৰ তিনিটা অংশৰ পুনঃনিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে৷ উল্লেখ্য যে আটাইকেইটা মথাউৰি পুনঃনিৰ্মাণত ব্যয় হ’বলগীয়া খৰচৰ পৰিমাণ হৈছে মুঠ ১২,৪২,৫৭,০০০ টকা৷ আজি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা মথাউৰিসমূহ ক্ৰমে বৰপেটা জলসম্পদ বিভাগৰ SOPD-ODS শিতানৰ ২০২১-২২ বৰ্ষৰ মুঠ ৫,৯৯,০৪,০০০ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বজালীৰ মুগুৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত পহুমৰা নদীৰ বাঁওফালৰ মথাউৰি অংশ দলৈগাঁও কুমৰেখোৱাৰ পৰা কাৰেইখোৱালৈ, SOPD-FDR ৰ শিতানৰ ২০২১-২২ বৰ্ষৰ ৪,২৩,৫৩,০০০ টকা ব্যয় সাপেক্ষে বজালী জিলাস্থিত জালিখাটা শিৱ থান, টিহু দেখাতা, ঘোঁৰামৰা আৰু উপনৈ অঞ্চলৰ কালদিয়া নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে গ্ৰহণ কৰা আঁচনি আৰু SDRF শিতানৰ ২০২১-২২ বৰ্ষৰ মুঠ ২,২০,০০,০০০ টকা ব্যয় সাপেক্ষে জলসম্পদ বিভাগৰ অধীনস্থ উপনৈ অঞ্চলৰ কালদিয়া নদীৰ সোঁপাৰৰ সৰ্বমুঠ ২.৫ কিঃমিঃ দৈৰ্ঘ্যৰ মথাউৰিৰ নিৰ্মাণ কাৰ্য৷ আজি মন্ত্ৰী দাসে কামকেইটাৰ শুভাৰম্ভ কৰি বজালী জিলাত বানপানীৰ সমস্যা সমাধানৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰী কৰাৰ লগতে নৈপৰীয়া ৰাইজে আৰু আতংকিত হব নালাগে বুলি মন্তব্য কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like