বইটামাৰীত ‘ভাৰত জোড়ো যাত্ৰা’ : নামমাত্ৰ দৰ্শকৰ সন্মুখত ভাষণ ভূপেন বৰাৰ
নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰঃ বঙাইগাঁৱৰ বইটামাৰীত আজি কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচী ৰূপায়ণ হয়। কংগ্ৰেছৰ এই কাৰ্যসূচীত স্থানীয় জনতাৰ সঁহাৰি পৰিলক্ষিত নহ’ল। নগন্যসংখ্যক লোকৰ সন্মুখতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভাষণ ৰাখে। এই পদযাত্ৰা তথা সভাখনত পাঁচ শতাধিক মান লোক উপস্থিত থাকে। উল্লেখ্য যে ইয়াৰে অধিকাংশ লোক ধুবুৰী আৰু বৰপেটাৰ বুলি জানিব পৰা গৈছে। কংগ্ৰেছে দেশজুৰি ৰূপায়ণ কৰি থকা এই কাৰ্যসূচীৰ অংশ হিচাপে অসমত যাত্ৰাৰ আজি ষষ্ঠ দিনা বঙাইগাঁৱৰ বইটামাৰী অঞ্চলত শুভাৰম্ভ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছ নেতা-কৰ্মীসকলে। আজি দিনৰ ১০ বজাত দক্ষিণ বইটামাৰীৰ নিত্য বজাৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে বইটামাৰী উচ্চতৰ মাধ্যমিক খেলপথাৰলৈ ৰাজ্যিক সভাপতিগৰাকীৰ নেতৃত্বত পদযাত্ৰা কৰে দলীয় নেতা-কৰ্মী তথা সমৰ্থকে। পিছত পদব্ৰজে দলটো আহি বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত উপস্থিত হয়। উক্ত খেলপথাৰতে এখন সভা অনুষ্ঠিত হয়। বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি আবুল কাশেমৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকি স্থানীয় বিধায়ক প্ৰদীপ সৰকাৰে ‘ভাৰত জোড়ো যাত্ৰা’ত অংশগ্ৰহণ কৰা সকলো কংগ্ৰেছ কৰ্মীক ধন্যবাদ জনায় । বৰপেটাৰ সাংসদ আব্দুল খালেকে সভাত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, বিজেপিয়ে জাত-পাত, ধৰ্মৰ নামত ৰাজনীতি কৰে কিন্তু কংগ্ৰেছে প্ৰতিটো ধৰ্ম, সংস্কৃতি তথা ৰীতি-নীতিক শ্ৰদ্ধা কৰে। বদৰুদ্দিন আজমলকো তীব্ৰ সমালোচনা কৰে ভূপেন বৰাই। বদৰুদ্দিন আজমলে নিজৰ ব্যৱসায় সুৰক্ষিত কৰিবলৈ বিজেপিৰ লগত গোপন মিত্ৰতা কৰা বুলি অভিযোগ আনে। আজিৰ এই কাৰ্যসূচীত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰ, উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰ, প্ৰাক্তন বিধায়ক আব্দুল হাই নাগৰী, প্ৰাক্তন সাংসদ আব্দুল হামিদ, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা যুৱনেতা জ্যোতিৰ্ময় বৈশ্য, যুৱনেতা ৰাতুল পাটোৱাৰী, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ বৰ্ণালী ফুকনকে ধৰি বহু দলীয় বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।
প্ৰেৰকঃ ৰুবুল কান্তি দাস