ৰাষ্ট্রসংঘৰ সমীক্ষা: ১৫ নৱেম্বৰত পৃথিৱীৰ জনসংখ্যা হ’ব ৮০০ কোটি
নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ: বিশ্বৰ জনসংখ্যা ৮০০ কোটিলৈ বৃদ্ধি পাব৷ ৰাষ্ট্রসংঘৰ সমীক্ষা অনুসৰি আগন্তুক ১৫ নৱেম্বৰত এই পৃথিৱীত জনসংখ্যাই ৮০০ কোটি অতিক্রম কৰিব৷ ১৯৫০ চনত বিশ্বৰ জনসংখ্যা আছিল ২৫০ কোটি৷ এই ৭২ বছৰত পৃথিৱীৰ জনসংখ্যা তিনিগুণ বৃদ্ধি পাইছে৷ লক্ষণীয়ভাৱে বিভিন্ন দেশত জন্মৰ হাৰ অভাৱনীয়ভাৱে হ্রাস পাইছে যদিও পৃথিৱীৰ জনসংখ্যা দ্রুতগতিত বৃদ্ধি পাই আছে৷ ৰাষ্ট্রসংঘৰ জনসংখ্যা বিভাগে চলোৱা সমীক্ষা অনুসৰি ১৯৬০ৰ দশকৰ আৰম্ভণিতে জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট হ্রাস পাইছিল৷ কিন্তু ইয়াৰ পিছত ক্রমান্বয়ে জন্মৰ হাৰ বৃদ্ধি পাবলৈ ধৰে বহু দেশত৷ লগে লগে পৃথিৱীৰ জনসংখ্যা প্রত্যাশিতভাৱে বৃদ্ধি পাবলৈ ধৰে৷ ১৯৬২ৰ পৰা ১৯৬৫লৈ বিশ্বত বার্ষিক জনসংখ্যাৰ হাৰ ২.১ শতাংশ আছিল৷ ২০২০ চনত এয়া ১ শতাংশলৈ হ্রাস পায়৷
২০৫০ চনত বার্ষিক জনসংখ্যা বৃদ্ধিৰ হাৰ ০.৫ শতাংশলৈ অৱনমিত হ’ব বুলি সমীক্ষাত উল্লেখ কৰা হৈছে৷ কিন্তু জনসংখ্যা বৃদ্ধিৰ হাৰ হ্রাস পালেও পৃথিৱীৰ মুঠ জনসংখ্যা প্রত্যাশিতভাৱে বৃদ্ধি পাব বুলি ৰাষ্ট্রসংঘৰ সমীক্ষাত পোৱা গৈছে৷ ৰাষ্ট্রসংঘৰ সমীক্ষা অনুসৰি ২০৩০ চনৰ ভিতৰত পৃথিৱীৰ মুঠ জনসংখ্যা হ’ব ৮৫০ কোটি৷ ২০৫০ চনত জনসংখ্যা বৃদ্ধি পাব ৯৭০ কোটিলৈ আৰু ২০৮০ চনত এই জনসংখ্যা ১০৪০ কোটিলৈ বৃদ্ধি পাব৷ আমেৰিকাস্থিত ইনষ্টিটিউট ফৰ হেল্থ মেট্রিকছ এণ্ড ইভালুৱেচন (আইএইচএমই) সমীক্ষা অনুসৰি ২০৬৪ত পৃথিৱীত দ্রুতগতিত বৃদ্ধি পাব জনসংখ্যা৷ অৱশ্যে ৰাষ্ট্রসংঘৰ আৰু মার্কিন সংস্থাটোৰ সমীক্ষাত ভিন্নতা দেখিবলৈ পাইছে গৱেষকসকলে৷ জনসংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ পৃথিৱীত বর্তমানৰ ব্যৱস্থা অব্যাহত থাকিলে অভাৱনীয়ভাৱে বৃদ্ধি পাব আর্থিক তথা সামাজিক বৈষম্যও৷