নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী ষ্টেচনত ৰে’ল আৰক্ষীয়ে লুটিলে ১ কেজি সোণ

নিয়মীয়া বাৰ্তা ৩ ফ্ৰেব্ৰুৱাৰীঃ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰক্ষী ডকাইতিত জড়িত হোৱাৰ অভিযোগ নতুন কথা নহয়৷ ৰক্ষকেই ভক্ষকৰ ৰূপ লোৱা একাংশ অসাধু আৰক্ষীয়ে বিভিন্ন সময়ত ধনদাবী, ডকাইতিকে ধৰি নানা অপৰাধমূলক কার্যত জড়িত হৈ আহিছে৷ শেহতীয়াকৈ গুৱাহাটী ৰে’ল ষ্টেচনত তিনি ৰে’ল আৰক্ষীয়ে তালাচী চলোৱাৰ নামত ফৰিদাবাদৰ এগৰাকী ব্যৱসায়ীৰ পৰা ১ কেজি সোণ লুট কৰি নিয়াৰ ভয়াৱহ ঘটনা পোহৰলৈ আহিছে৷ ব্যৱসায়ী সুৰেশ কুমাৰে যোৱা ১৭ জানুৱাৰীত নামনিমুৱা ৰাজধানী এক্সপ্রেছত গুৱাহাটীৰ পৰা ১ কেজি সোণৰ বিস্কুট লগত লৈ ৰে’লেৰে ফৰিদাবাদলৈ যাবলৈ ওলাইছিল৷ ১নং প্লেটফর্মত ৰখাই থোৱা নামনিমুৱা ৰাজধানী এক্সপ্রেছৰ দবাত জিআৰপিএফ আৰু আৰপিএফৰ জোৱানে নিয়মীয়া তালাচী চলাই আছিল৷ তেনে সময়তে আৰক্ষীৰ পোছাক পৰিহিত তিনিজন জোৱানে যাত্রী সুৰেশ কুমাৰক তালাচী চলাই সোণৰ বিস্কুটকেইখন প্রত্যক্ষ কৰে৷ আৰক্ষীৰ জোৱান তিনিজনে সোণৰ বিস্কুটকেইখন জব্দ কৰি ভয়–ভাবুকি দি ব্যৱসায়ী সুৰেশ কুমাৰক গ্রেপ্তাৰ কৰিব বিচাৰে৷ কিন্তু তেনে সময়তে ৰে’লখন চলিবলৈ আৰম্ভ কৰাত ব্যৱসায়ীজনৰ পৰা জব্দ কৰা সোণৰ বিস্কুটকেইখন লৈ আৰক্ষীৰ জোৱানকেইজনে ৰে’লৰ পৰা নামি দিয়ে৷ ব্যৱসায়ী সুৰেশ কুমাৰে এই ঘটনাৰ বিষয়ে ৰে’ল বিভাগৰ শীর্ষ বিষয়াক অৱগত কৰোৱাত যোৱা ৩০ জানুৱাৰীত এই ডকাইতি সন্দর্ভত গুৱাহাটী ৰে’লৱে থানাত ২৪/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ অৱশ্যে ৰে’ল আৰক্ষীয়ে এই ডকাইতিৰ ঘটনাত জড়িত তিনি আৰক্ষী জোৱানক চিনাক্ত কৰিব পৰা নাই৷ তদন্তকাৰী আৰক্ষী বিষয়াই গুৱাহাটী ষ্টেচনৰ চি চি টিভি কেমেৰাৰ ফুটেজ তন্নতন্নকৈ পৰীক্ষা কৰিছে৷ কিন্তু চি চি টিভিৰ ফুটেজতো ১৭ জানুৱাৰীৰ পুৱা গুৱাহাটী ষ্টেচনত সোণৰ বিস্কুট ডকাইতিত জড়িত তিনি ৰে’ল আৰক্ষীৰ তথ্য লাভ নকৰাটো ৰহস্যজনক৷ ৰে’ল বিভাগৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি গুৱাহাটী ষ্টেচনত থকা চি চি টিভিৰ ফুটেজ মাত্র তিনি দিনৰ বাবেহে সংৰক্ষিত হৈ থাকে৷ ঘটনা সংঘটিত হোৱাৰ ১৩ দিন পিছত ভুক্তভোগী ব্যৱসায়ীয়ে গোচৰ ৰুজু কৰাত চি চি টিভিৰ ফুটেজত উক্ত দিনাৰ কোনো তথ্য এতিয়ালৈকে পোৱা নাই৷ অৱশ্যে ৰে’ল আৰক্ষীয়ে ঘটনা সন্দর্ভত তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিছে৷ উল্লেখ্য যে গুৱাহাটী ষ্টেচনত আৰক্ষী জোৱানে ডকাইতি কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে গুৱাহাটী ৰে’লৱে আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীক বদলি কৰা বুলি জানিব পৰা গৈছে৷ লক্ষণীয় যে গুৱাহাটী ষ্টেচনত পূর্বতেও একাংশ অসাধু আৰক্ষী বিষয়া–জোৱানে তালাচীৰ নামত ডকাইতি কৰাৰ অভিযোগ আছে৷ বিশেষকৈ আন্তঃৰাষ্ট্রীয় সোণ সৰবৰাহকাৰী চক্রৰ পৰা সোণ জব্দ কৰি ৰে’ল আৰক্ষীৰ বিষয়া–জোৱানে সোণৰ বিনিময়ত সৰবৰাহকাৰীক এৰি দিয়াৰো বহু অভিযোগ আছে৷ গুৱাহাটী ষ্টেচনত সংঘটিত সোণ ডকাইতিত তিনি আৰক্ষী জোৱান জড়িত থকা ঘটনাটো কি কাৰণত ৰে’ল আৰক্ষীয়ে ৰাজহুৱা কৰা নাছিল, সেয়াও ৰহস্যৰ বিষয় বুলি সর্বত্র চর্চা হৈছে৷

You might also like