নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেমৰ চলনাৰে ভণ্ড প্ৰেমিকে সৰকালে লক্ষাধিক টকা; পলাতক প্ৰেমিকৰ বিৰুদ্ধে এজাহাৰ দাখিল

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ  অতিকৈ জনপ্ৰিয় তথা বহুত প্ৰচলিত সামাজিক মাধ্যম ফেচবুক একাউণ্টৰ জৰিয়তে প্ৰেম হোৱাৰ কথা নতুন নহয় যদিও এই মাধ্যমৰ জৰিয়তে এগৰাকী যুৱতী প্ৰতাৰিত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উত্থাপিত অভিযোগ অনুসৰি, নগাঁৱত ফেচবুকৰ জৰিয়তে প্ৰথমে দুই যুৱক- যুৱতীৰ মাজত গঢ়ি উঠে প্ৰেমৰ সম্পৰ্ক। চতুৰ যুৱকজনে নিজৰ একাউন্টৰ পৰিৱৰ্তে আন এক ভূৱা একাউন্টৰ জৰিয়তে গঢ়ি তোলে প্ৰেমৰ সম্পৰ্ক। পিছলৈ প্ৰতাৰক প্ৰেমিক জনে প্ৰেমিকাৰ পৰা অতি কৌশলেৰে টকা লৈ উধাও হয়। ঘটনাৰ বিৱৰণী অনুসৰি নগাঁৱৰ এগৰাকী হিন্দু যুৱতী প্ৰেমত পৰিছিল মনিৰুল হক নামৰ এজন মুছলমান সম্প্ৰদায়ৰ যুৱকৰ লগত। দুয়ো প্ৰেমত পৰে ফেচবুকৰ সৈতে সম্পৰ্কিত  ই-বেংকিং একাউণ্টৰ জৰিয়তে। যুৱতী গৰাকীয়ে ই-বেংকিংৰ জৰিয়তে ধনৰ লেনদেন কৰিব জনা নাছিল। যাৰ বাবে ই-বেংকিংৰ জৰিয়তে ধনৰ লেনদেনত সহায় কৰাৰ সুযোগ লৈ প্ৰেমিক ৰূপী ভণ্ড মনিৰুল কাষ চাপিছিল যুৱতী গৰাকীৰ। নগাঁও জিলাৰ কামপুৰ কঠীয়াতলিৰ মনিৰুল নামৰ ভণ্ড প্ৰেমিকটোৱে প্ৰথমে হিন্দু যুৱতী গৰাকীক প্ৰেমৰ জালত পেলায়। প্ৰায় ৩ বছৰ প্ৰেমৰ সম্পৰ্ক কৰি প্ৰেমিক মনিৰুল হকে প্ৰেমৰ চলনাৰে যুৱতী গৰাকীৰ পৰা ১০ লাখ টকা লৈ উধাও হয়। যুৱতী গৰাকীৰ নামত থকা তিনিখন ক্ৰেডিট কাৰ্ডৰ পৰাও ধন উলিয়াই নিয়ে। যুৱতী গৰাকীৰ নামত থকা গাড়ী খনো মনিৰুলে বিক্ৰী কৰে বুলি মনিৰুলৰ বিৰুদ্ধে অভিযোগ তুলিছে ভুক্তভোগী যুৱতী গৰাকীয়ে। বিগত ১৯ তাৰিখে প্ৰেমত প্ৰতাৰিত যুৱতী গৰাকীয়ে কঠীয়াতলীৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছত ১০৪/২২ আৰু U/S ৪০৬/৪২০/৩৭৬ ধাৰাত কামপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে।
You might also like